মুখবন্ধনীৰে পৰিবেষ্টিত চৰিত্ৰৰ আবিৰ্ভাৱ অনলাইন গেমত

IMG 20200520 104412

ভিডিঅ’ গেমৰ পাছত এতিয়া অনলাইন গেমৰ যুগ।অধিকাংশ শিশু -কিশোৰেই এতিয়া এইবোৰ অনলাইন গেমত পাৰ্গত । ঘৰত থকাৰ সময়ত পিতৃ-মাতৃৰ ম’বাইল ফোন বা লেপটপ হাতত লৈ অধিকাংশই বিভিন্ন অনলাইন গেম খেলাত মত্ত হয় । সেই অনলাইন গেমতে এতিয়া সংযোজন হৈছে নতুন নিয়ম । শিশুৰ বাবে প্ৰস্তুত কৰা সকলো গেমতে এতিয়া সংযোগ হৈছে মাস্ক বা মুখবন্ধনী । ক’ৰবাত যদি খেল আৰম্ভ হোৱাৰ পূৰ্বে পছন্দৰ চৰিত্ৰৰ মুখত মাস্ক বান্ধিবলগীয়া হয়, আন কোনো গেমত আকৌ স্বয়ংক্ৰিয়ভাৱে মাস্ক পৰিধান কৰিয়ে উপস্থিত হয় চৰিত্ৰসমূহে । ‘মাই হৰ্ছ ষ্ট’ৰিজ গেম’ত কাউবয় সাজি ঘোঁৰাত উঠি নানা বিলাই -বিপত্তি পাৰ হ’ব লাগে । তলাবন্ধৰ মাজতে এই গেমত সংযোজিত হৈছে মাস্ক । অৰ্থাৎ এই গেম খেলাৰ পূৰ্বেই নিজৰ চৰিত্ৰটোৰ মুখত মাস্ক পিন্ধাব লাগিব । ইয়াৰ উপৰি বিভিন্ন গেমত দেখা দিয়া শিশুৰ প্রিয় ছুপাৰহিৰো বা নায়ক -নায়িকাৰ মুখবোৰো এতিয়া মাস্কৰে ঢকা । গেম খেলিবলৈ আৰম্ভ কৰিলেই প্ৰথমে আহে নতুন ‘অপচন’ -মাস্ক ।

পছন্দৰ মাস্ক চৰিত্ৰৰ মুখত পিন্ধাই ল’লেহে পৰৱৰ্ত্তী পৰ্যায়লৈ আগুৱাই যাব পাৰি । ‘ডান্স স্কুল ষ্ট’ৰিজ’, ‘আইচ -স্কেটিং’ বা ‘প্ৰিটী বেলেৰিনা’ আদি নৃত্য অনলাইন গেমতো মাস্ক অপৰিহাৰ্য হৈছে । প্ৰত্যেক চৰিত্ৰৰ মুখত মাস্ক থাকিলেহে পৰৱৰ্ত্তী পৰ্যায়লৈ আগুৱাই যাব পাৰে । ম’বাইল গেম প্ৰস্তুত কৰা এটা কোম্পানীয়ে জনাইছে যে অনলাইন গেমত অধিক প্ৰাণৱন্ত কৰাৰ বাবে তেওঁলোকে নিয়মিতৰূপে ‘আপডেট ‘কৰি থাকে । এইবাৰ সেয়ে শিশুসকলৰ সংক্ৰমণক লৈ সচেতনতা কৰিবলৈ আৰু মাস্কৰ কাৰ্যকাৰিতা বুজাবলৈ এই নতুন নিয়ম সংযোগ কৰা হৈছে । এই চিন্তা -ধাৰাৰ স’তে সহমত প্ৰকাশ কৰিছে ‘ইণ্ডিয়ান চাইক্ৰিয়াটিক ছ’চাইটী’ৰ উপ -সভাপতি গৌতম সাহাই । তেওঁ কয়, ‘শিশুৰ মনত কাহিনী বা গেমৰ বিৰাট প্ৰভাৱ পৰে । সেয়ে জনপ্ৰিয়তাৰ বাবে কোম্পানীসমূহে যিদৰে গেমক প্ৰাণৱন্ত কৰিছে, সেইদৰেই ইয়াৰ মাধ্যমেৰে শিশুসকলেও মাস্কৰ প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষা পাইছে ।’

Exit mobile version