মুখবন্ধনী নোখোলাকৈয়ে খাব পাৰিব খাদ্য

IMG 20200520 162239

কৰ’না সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ বিশ্বৰ প্ৰায় সবৰ্ত্ৰে মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে । অথচ কিবা খাবলৈ হ’লে মাস্কখন খুলি ল’বই লাগিব । ৰেস্তোৰাঁ বা কোনো ভিৰ থকা স্থানত মাস্ক খুলি খাদ্য খোৱাৰ বাবে কেতিয়াবা সংক্ৰমণৰ কবলত পৰিবলগীয়াও হ’ব পাৰে । কিন্ত অদূৰ ভৱিষ্যতেই হয়তো এই সমস্যাও দূৰ হ’ব । মাস্ক নোখোলাকৈয়ে খাব পাৰিব খাদ্য । ইজৰাইলৰ এটা আৱিষ্কাৰক সংস্থাই সম্প্ৰতি এক বিশেষ মাস্ক তৈয়াৰ কৰিছে । ৰিম’টৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰা এই মাস্ক পৰিধান কৰিলে ৰেস্তোৰাঁ বা ভিৰ থকা অঞ্চলত খাদ্য খালেও সংক্ৰমণৰ আশংকা বহুলাংশে কমিব । এই মাস্কত ওঁঠৰ ওপৰৰ অংশত খালী ৰখা হৈছে যদিও ওপৰৰ পৰা বিশেষভাৱে ঢকা থাকিব । চামুচৰ জড়িয়তে যিকোনো খাদ্য খাব পাৰিব, সেইদৰে পানীও পান কৰাৰ ব্যৱস্থা আছে ।

অৱশ্যে আইচক্ৰীম বা চচ দি খোৱা খাদ্য খাওঁতে কিছু সমস্যা হ’ব বুলি নিৰ্মাতাই জনাইছে । শেহতীয়াকৈ এই ডিভাইচ টেল আভিভত প্ৰদৰ্শন কৰে এভিপাইপাছ পেটেন্টছ এণ্ড ইনভেনচনছৰ উপাধ্যক্ষ আছাফ গিটেলিছে । তেওঁ কয় যে মাস্কখন ৰিম’ট কণ্ট্ৰোলৰ দ্বাৰা খুলিব পাৰিব বা খাদ্য কাষলৈ অহাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে খুলিব । আকৌ চামুচখন মুখৰ পৰা ওলাই যোৱাৰ লগে লগে মাস্ক বন্ধ হ’ব।এখন হাতেৰে সেই ৰিম’ট নিয়ন্ত্ৰণ কৰিব লাগিব । কোম্পানীটোৱে জনাইছে যে এই মাহতে তেওঁলোকে মাস্ক বজাৰত মুকলি কৰিব পৰাকৈ তৈয়াৰ কৰাৰ পৰিকল্পনা লৈছে । ইয়াৰ বাবে তেওঁলোকে পেটেণ্ট প্ৰস্তুত ৰাখিছে।

Exit mobile version