দুটা পৰ্যায়ত তৃতীয় চতুৰ্থ বৰ্গৰ ৫০ শতাংশ কৰ্মচাৰী উপস্থিতিক লৈ বিভ্ৰান্তি

WhatsApp Image 2020 05 21 at 4.48.30 PM

ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ উপস্থিতি সময়ক কেন্দ্ৰ কৰি কৰ্মচাৰীসকলৰ মাজতি বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷বিশেষকৈ কাৰ্যালয়সমূহত সামাজিক দূৰত্ব তথা সমাগম ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে দুটা ভাগত এই কৰ্মচাৰীসকলক বিভক্ত কৰি দিছে যদিও ১১.৩০ বজাৰ পৰা ৩.৩০ বজালৈ এশ শতাংশ কৰ্মচাৰী উপস্থিত থকাত সময়সূচীৰ বদলিকৰণত প্ৰয়োজন নাছিল বুলি কৰ্মচাৰীসকলে উল্লেখ কৰিছে ৷

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে যোৱা ১৮ মে’ত এক নিৰ্দেশনাৰ জৰিয়তে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ত চৰকাৰী ৰাজপত্ৰিত বিষয়াই ৯.৩০ ৰ পৰা পাঁচ বজা পৰ্যন্ত নিজ নিজ কাৰ্যালয়ত এশ শতাংশ উপস্থিত থকাৰ নিৰ্দেশ প্ৰেৰণ কৰিছিল ৷ইয়াৰ উপৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত দুটা ভাগত ভাগ কৰি কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ কৰিছিল ৷এই ক্ষেত্ৰত দিব্যাংগ আৰু মহিলা কৰ্মচাৰীসকলৰ ৫০ শতাংশই ৫০ শতাংশই ৯.৩০ ৰ পৰা ৩.৩০ বজালৈ আৰু বাকী ৫০ শতাংশ কৰ্মচাৰীয়ে দিনৰ ১১.৩০ ৰ পৰা ৫.৩০ বজালৈ উপস্থিত থাকিব লাগিব ৷কিন্তু ১১.৩০ বজাৰ পৰা ৩.৩০ বজালৈ এশ শতাংশ কৰ্মচাৰীৰ উপস্থিত থকাৰ ক্ষেত্ৰত বিপাঙত পৰিছে কৰ্মচাৰীসকল ৷

বহু কৰ্মচাৰীয়ে এই নিৰ্দেশনা বুজি পোৱা নাই বুলি উল্লেখ কৰি যদি তিনি চাৰি ঘন্টা একেলগে থাকিব পৰা যায় ।তেন্তে বাকী সময় কিয় থাকিব পৰা নাযায় বুলি প্ৰশ্নৰ অৱতাৰণা কৰে। ইফালে নিৰ্দেশনাটোত জৰুৰীকালীন সেৱাৰ স’তে জড়িত কৰ্মচাৰীসকলৰ বাবে এই নিয়ম প্ৰযোজ্য নহ’ব বুলি উল্লেখ কৰাৰ উপৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল কোন কেতিয়া আহিব সেয়া নিৰ্ধাৰণ কৰিব কাৰ্যালয়সমূহে ৷

এই ক্ষেত্ৰত সকলো কাৰ্যালয়তে সামাজিক দূৰত্ব বজাই ৰখা,হাত ধোৱা,হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক পৰিধান কৰি সকলো নীতি নিয়ম মানি চলিব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে। লগতে জনতা ভৱনত কৰ্মৰত মহিলাসকলে কয় যে নিৰ্ধাৰিত সময়ৰ পিচত কাম সম্পাদন কৰি ওলাই অহাৰ পিছত বহু সময় ধৰি বাছৰ কাৰণে অপেক্ষা কৰিবলগীয়া হয়। লগতে বহু কৰ্মচাৰীসকলে সামাজিক দূৰত্ব বৰ্তাই নাৰাখে বুলি অভিযোগ কৰে দুগৰাকীমান কৰ্মচাৰীয়ে ।

Exit mobile version