ধ্বংস হ’ল পশ্চিমবংগৰ দুখন জিলাঃমমতা বেনাৰ্জী

WhatsApp Image 2020 05 21 at 5.05.41 PM

সৰ্বনাশী ৰূপ লৈ বুধবাৰে সন্ধিয়া প্ৰায় ছয় বজাত পশ্চিমবংগৰ সুন্দৰবনত আহি আঘাত কৰিলে মহাঘূৰ্ণী “আমপান”এ ৷ইয়াৰ ফলত উত্তৰ আৰু দক্ষিণ পৰগনা জিলাত সৃষ্টি হোৱা মহাঘূৰ্ণীৰ তাণ্ডৱলীলা প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে একপ্ৰকাৰ অসহায় হৈ কয় ৰাজ্যৰ সৰ্বনাশ হ’ল ৷

উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা ধ্বংস হৈ গ’ল ৷নিশা ন বজা পৰ্যন্ত কমেও ১২ জনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি মমতাই সাংবাদিকক কয় “দুয়োখন ২৪ পৰগনাই ধ্বংস হ’ল ৷ঘৰ দূৱাৰ,নদীবান্ধ,খেতি সকলহ গ’ল ৷ইপিনে বৃহত্তৰ অঞ্চলটোৰ পাথৰ প্ৰতিমা,নামখানা,বাসন্তী,কুলতলি,বাৰৈপুৰ,সোণাৰপুৰ,ভাঙৰ আদিত ভয়াৱহ অৱস সৃষ্টি হৈছে ৷এই ক্ষয়ক্ষতিৰ বিস্তৰ তথ্যৰ বাবে তিনি চাৰিদিনৰ প্ৰয়োজন হ’ব বুলি তেওঁ কয় ৷

মুখ্যমন্ত্ৰী মমতাই কয় যে এদিনৰ ভিতৰত পাঁচ লক্ষ মানুহক স্থানান্তৰ কৰাত সক্ষম হৈছিল ৷অঞ্চলৰ পাছত অঞ্চল ধ্বংস হৈছে ৷ যোগাযোগ বিচ্চিন্ন,আমি পাঁচ লক্ষ মানুহক স্থানান্তৰিত কৰিব পাৰিছো ৷১৭৭৩ ত এনে ভয়াৱহ ঘূৰ্নী আহিছিল ৷মই এতিয়া ৱাৰৰূমত আছো ৷মোৰ কাৰ্যালয় কঁপি উঠিছে। অতি কঠিন পৰিস্থিতিৰ যুদ্ধকালীন মোকাবিলা কৰিছো ৷বিদুৎ নাই,পানী নাই,পুখুৰী,খেতি সকলো শেষ হ’ল ৷ আমি এই দুৰ্যোগ অতিক্ৰম কৰিম৷ মোৰ কাৰ্যালয়ৰে অৰ্ধেক ভাঙি গৈছে ৷এতিয়াও তাণ্ডৱ অব্যাহত আছে ।”তেওঁ কয় যে সম্পূৰ্ণ ধ্বংসলীলাৰ তথ্যৰ বাবে কমেও ১২ দিনৰ প্ৰয়োজন হ’ব ৷দক্ষিণ বংগৰ প্ৰায় ৯৯ শতাংশ ধ্বংস হৈছে বুলিও মমতাই কয় ।

পশ্চিমবংগৰ কলকাতা চহৰতে এই মহাঘূৰ্ণীৰ গতিবেগ আছিল ঘন্টাত  ১৩৩ কিলোমিটাৰ ৷বিগত ৫০ বছৰৰ ভিতৰত সবাতোকৈ বৃহৎ দুৰ্যোগৰ মুখামুখি হৈছে কলকাতা ৷বিভিন্ন ভিডিঅ’ আদিত প্ৰকাশিত দৃশ্য অনুসৰি কলকাতাৰ ঠায়ে ঠায়ে বিদ্যুতৰ ট্ৰান্সফৰ্মাৰ ভয়াৱহৰূপত বিস্ফোৰিত হয় ৷প্ৰচণ্ড বৰষুণ আৰু তীব্ৰবেগী বতাহে বহু গছ উভালি পেলায় ,ৱাল আদি ভাঙি পেলায়।

ইপিনে ঘন্টাত ১৮৫ কিলোমিটাৰ বেগত পশ্চিমবংগৰ দিশে অগ্ৰসৰ হোৱা মহাঘূৰ্ণী “আমপান”ক লৈ বিগত কে’বাদিনো ধৰি ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে ৷আমপানে ক্ষতি কৰাৰ আশংকাত আনকি বিমান আৰু ৰেল গাড়ীসমূহো সুৰক্ষা ব্যৱস্থা কৰা হৈছে। ৰেল কৰ্তৃপক্ষই জনাইছে যে মহাঘূৰ্ণীৰ ফলত ৰৈ থকা ৰেলসমূহ নিজৰ অৱস্থানৰ পৰা আঁতৰি গ’লে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে ৷

সেইবাবে এনেদৰে ৰেলবোৰ শিকলিৰে বান্ধি দিয়া হৈছে ৷অৱশ্যে কেৱল ঘূৰ্ণীৰ বাবেই নহয়,কোনো কাৰণত দীৰ্ঘদিনৰ ধৰি ৰেল গাড়ী একে স্থানত ৰখাই থোৱা হ’লে এইদৰে চকা বান্ধি থোৱা হয় বুলি ৰেল বিষয়াই সদৰী কৰে ৷প্ৰসংগক্ৰমে উল্লেখযোগ্য যে তলাবন্ধৰ বাবে প্ৰবাসী শ্ৰমিকসকলক গৃহ ৰাজ্যলৈ উভতাই আনিবলৈ ৰেল মন্ত্ৰণালয়ে ইতিমধ্যে বহুসংখ্যক “শ্ৰমিক স্পেচিয়েল” ৰেল গাড়ী৷চলাইছে ৷কিন্তু আমপান”ৰ আগমনৰ পৰিপ্ৰেক্ষিতত এই ৰেলসমূহ বাতিল কৰা হৈছে ৷

Exit mobile version