দেশত কৰ’না ভাইৰাছৰ আক্ৰান্তৰ সংখ্যাই প্ৰতিদিনে নতুন অভিলেখ গঢ়িছে ৷ এহাতে ৰেল,বিমান সেৱা শীঘ্ৰে আৰম্ভ হোৱাৰ কথা চৰকাৰে ঘোষণা কৰাৰ সমান্তৰালভাৱে বহুগুণে প্ৰতিনিয়ত সংক্ৰমণ বাঢ়িছে ৷তলাবন্ধ শিথিল হোৱাৰ লগে লগে ধুমুহাৰ গতিয়ে সকলো অভিলেখ ভংগ কৰি গৈছে মাৰাত্মক ভাইৰাছে ।আজিও এনে উদ্বেগৰ বাতৰিয়ে কঢ়িয়াই আনিলে কৰ’না আক্ৰান্তৰ সংখ্যা ৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত নতুনকৈ ৫৬০৯ জনক আক্ৰমণ কৰিছে কৰ’নাই ৷কালিৰ সংখ্যা আছিল ৫,৬১১ জন ৷অৰ্থাৎ প্ৰায় একে হাৰতে একেৰাহে দুদিন কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৷দেশত আজি মুঠ আক্ৰান্তৰ সংখ্যা ১,১৪,৪৭৮ জন। মৃত্যু হৈছে ৩৪৬৫ জন আৰু সুস্থ হৈ উঠ ৪৬,৪৬১ জন ৷
দিনে দিনে কৰ’নাত সংক্ৰমিতৰ হাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাবলৈ ধৰিছে ৷অথচ প্ৰশাসনে তলাবন্ধ শিথিল কৰাত ব্যস্ত বুলি একাংশই অসন্তুষ্টি ব্যক্ত কৰিছে বিমান আৰু ৰেল সেৱা আৰম্ভ হ’লে ইয়াৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে ৷শেহতীয়া তথ্য অনুসৰি দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত মহাৰাষ্ট্ৰত ৩৯,২৯৭ জন আৰু মৃত্যু হৈছে ১৩৯০ জনৰ ৷তামিলনাডুত প্ৰায় ১৪ হেজাৰ ,গুজৰাটত ১২,৫৩৯ জন,দিল্লীত ১১,৬৫৯ জন ।