কৰ’নাক লৈ মই আৰম্ভণিৰ পৰাই কোনো ধৰণৰ শংকা বোধ কৰা নাছিলো। কৰ’না মোৰ বাবে এক বীজাণু আৰু পৃথিৱীত যুগে যুগে এনে বীজাণুৰ আবিৰ্ভাৱ ঘটি থাকে। প্লেগ, ইবলা আদি ইয়াৰ উদাহৰণ। এনে বীজাণুৰে যুঁজিবলৈ আমি সাৱধান হ’ব লাগিব, কিন্তু আতংকিত হোৱা উচিত নহয়। কৰ’না সন্দৰ্ভত মই যি পঢ়িছো আৰু বিশেষজ্ঞ সকলে কোৱা এটা কথাৰ পৰা বুজিছো যে শংকা আৰু আতংকই মানুহৰ মানসিক উদ্বিগ্নতা বৃদ্ধি কৰে আৰু এই উদ্বিগ্নতা বৃদ্ধিয়ে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে।
সেয়ে এনেবোৰ বিষয়ত প্ৰয়োজনীয় নীতি নিয়ম মানি মানসিকভাৱে উজ্জীৱিত হৈ থাকিব লাগে। গান শুনা, কিতাপ পঢ়া আদি যিবোৰ কামে মন ভাল কৰে তেনে কৰিয়েই অতিবাহিত কৰা ভাল।এই সময়ছোৱাত মই বাতৰি কাকত নিয়মিয়াকৈ পঢ়ি আছো। কৰ’না সম্পৰ্কীয় বাতৰিৰ ক্ষেত্ৰত মই এটা কথা লক্ষ্য কৰিছো যে এতিয়ালৈকে আমাৰ দেশত বা ৰাজ্যত কৰ’নাত আক্রান্ত হোৱা লোকসকল চহৰৰে সম্পৰ্ক থকা লোক ।গাঁওবোৰত তেনে আক্ৰান্ত নাই। কোনোবাজন গাঁৱৰ মানুহ হ’লেও তেওঁ কিন্তু আক্ৰান্ত হৈছে চহৰতে। আজি পঢ়িবলৈ পালো, আমেৰিকাত কৰ’নাৰ ভেকচিন ওলাইছে কিন্তু এইবোৰ পৰীক্ষাৰ পিছত বজাৰলৈ আহিবলৈ সময় ল’ব।
গতিকে বৰ্তমান কৰ’নাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি আমাৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব৷ তদুপৰি পৰিস্কাৰ,পৰিচ্ছন্নতা,সামাজিক দূৰত্ব,মাস্ক,চাবোন,ছেনিটাইজাৰ আদি চৰকাৰী নিৰ্দেশনা মানি চলিব লাগে। কিন্তু বহু সময়ত কিছুমান নিয়ম নিজে মানিলেও আন কোনোজনৰ কাৰণে সেই নিয়ম মানি চলাটো সম্ভৱ নহয়গৈ ৷এনে অৱস্থাত আমি শৰীৰত ৰোগ আৰু বীজাণু প্ৰতিৰোধী ক্ষমতা যিমানেই বৃদ্ধি কৰিম পাৰিম সিমানেই আমি অদৃশ্য শত্ৰুৰ লগত যুঁজিব পাৰিম।
আমাৰ গাঁৱলীয়া খাদ্যাভাসেই ইয়াৰ বাবে আটাইতকৈ সফল আৰু সুফলদায়ক উপাদান ৷সেয়ে মোৰ মতে কৰ’নাৰ দৰে অদৃশ্য শত্ৰুৰ স’তে যুঁজ কৰিবলৈ দৈহিক শক্তি আহৰণ কৰাটোৱেই এই মূহুৰ্তত বিকল্প ।তলাবন্ধৰ প্ৰথম দুটা পৰ্যায় যথেষ্ট কঠোৰ আছিল ৷মই বৰ বেছি ঘৰত সোমাই থকা মানুহ নহয়। কিন্তু মই ঘৰত থকা সময়খিনি পৰিয়ালক দিও ৷তলাবন্ধৰ সময়তো প্ৰথম দিনটোৰ পৰাই মই মোৰ ফাৰ্মাচীখনত অতিবাহিত কৰিছো ৷
তেজপুৰৰ মোৰ ঘনিষ্ঠসকলে জানে মই নাটককে আদি কৰি লিখা মেলা ঘৰত নকৰো। ফাৰ্মাচীখনতেই কৰোঁ ৷হুলস্থূলৰ মাজতো মই এই কাম কৰিব পাৰো। এইবাৰো মোৰ আগন্তুক ৭৭ সংখ্যক জন্মদিনত মঞ্চায়ন কৰিব পৰাকৈ “ধুমুহাতো জ্বলিছে বন্তি গছি” নামৰ নাটকখন তলাবন্ধৰ সময়ছোৱাত ফাৰ্মাচীতে বহি লিখি উলিয়ালো ৷লগতে তলাবন্ধৰ সময়তছোৱাত পুৰণি অসমীয়া নিৰ্বাচিত গীত শুনি আছো ৷পঢ়িম বুলি থোৱা কেইখনমান কিতাপো এইকেইদিনতে পঢ়িলো ৷
ইয়াৰ ভিতৰত মেৰিঅ’ পুঁজোৰ গডফাদাৰ,লেৰি কলিনছ আৰু ডমিনি লেপাৰৰ ফ্ৰিডম এট মিডনাইট উপৰি দুখন অসমীয়া জীৱনীমূলক গ্ৰন্থ এখন অদীপ ফুকনে শৰৎ সিংহৰ জীৱনৰ আধাৰত লিখা “অন্য এক যাত্ৰা” আৰু ড° হীৰেন গোহাঁইৰ “বতাহত ক’ৰ গধূলি গোপাল”পঢ়িলো ৷স্বাভাৱিক সময়তো মই পৰিকল্পনা কৰা অনুসৰিয়েই ঘৰুৱা সময়খিনি পৰিয়ালৰ সদস্যসকলৰ স’তে অতিবাহিত কৰি আহিছো ৷বৰ্তমানেও ইয়াৰ ব্যতিক্ৰম হোৱা নাই ।পত্নী,পুত্ৰ আৰু কন্যাক সময় দিব নোৱাৰিলে জীৱনযাত্ৰাত অসমানুপাতিকতা আহে ৷গতিকে কৰ’নাৰ বাবে উদ্ভৱ হোৱা হৈছে এই পৰিস্থিতিত মই সাৱধানতা অৱলম্বন আৰু শৰীৰত প্ৰতিৰোধ শক্তি বৃদ্ধিৰ চেষ্টা কৰাৰ বাহিৰে সকলো স্বাভাৱিক তথা পৰিকল্পনা অনুযায়ীয়েই কৰি গৈছো ৷