নৱাজুদ্দিন এজন বিষাক্ত মানুহঃ এইবাৰ অভিযোগ প্ৰাক্তন বান্ধৱী নিহাৰিকা সিঙৰ

752963 nawazuddin siddiqui niharika 2

বলীউডৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে শাৰীৰিক মানসিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ পত্নী আলিয়া ছিদ্দিকীয়ে উত্থাপন কৰাৰ পাছত এইবাৰ অভিনেতাজনৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰিলে প্ৰাক্তন বান্ধৱী নিহাৰিকা সিঙে ৷ প্ৰাক্তন মিছ ইণ্ডিয়া নিহাৰিকাই আজি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে “মিছ লাভলি”ৰ দৃশ্যগ্ৰহণৰ মাজতে এদিন নৱাজুদ্দিনে পুৱাৰ আহাৰ গ্ৰহণৰ বাবে নিহাৰিকাক নিজৰ ঘৰলৈ মাতি নিছিল আৰু নিহাৰিকাই ঘৰত উপস্থিত হোৱাৰ লগে লগে অভিনেতাজনে তেওঁক সাৱটি ধৰি যৌন আতিশয্য চলাইছিল বুলি প্ৰাক্তন মিছ ইণ্ডিয়াগৰাকীয়ে দাবী কৰে ৷

নৱাজুদ্দিনে নিহাৰিকাৰ অশ্লীল চিত্ৰও অংকন কৰিছিল বুলি অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰে ৷ নিহাৰিকাৰ মতে নৱাজুদ্দিন এজন বিষাক্ত মনৰ মানুহ আৰু তেওঁ মহিলাৰ স’তে সদায় অভব্য আচৰণ প্ৰদৰ্শন কৰি আহিছে ৷ উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে নৱাজুদ্দিনৰ পৰা বিবাহ বিচ্ছেদৰ দাবীৰে দ্বিতীয়া পত্নী আলিয়াই অভিনেতাজনলৈ জাননী প্ৰেৰণ কৰিছিল ৷ আলিয়াৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে নবাজুদ্দিন আৰু তেওঁৰ পৰিয়ালে আলিয়াক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক আতিশয্য চলাই আহিছে ।

Exit mobile version