ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ হোৱাক লৈ গভীৰ অনিশ্চয়তা

1 1

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য অব্যাহত থকা চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ শেষ হ’লেও সদ্যহতে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা নাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ৷ বৰঞ্চ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে অধিক জটিল হৈ পৰিছে সমগ্ৰ বিষয়টো ৷ বিশেষকৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাক কেন্দ্ৰ কৰিয়ে সমগ্ৰ বিষয়টোক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ ৷ শিক্ষা বিভাগৰ উচ্চস্তৰীয় সুত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি যোৱা ১৬ মাৰ্চৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত বন্ধ আছে পাঠদান প্ৰক্ৰিয়া ৷ তলাবন্ধৰ এই সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত তলাবন্ধৰ নীতি নিৰ্দেশনা কিছু পৰিমাণে শিথিল কৰা হৈছে যদিও ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত শিক্ষানুষ্ঠানসমূহ খোলাৰ অনুমতি প্ৰদান কৰা নাই চৰকাৰে ৷ অহা ৩১ মে’ত অন্ত পৰিব চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ ম্যাদ ৷ তৎস্বত্বেও জুনৰ প্ৰথম সপ্তাহৰ পৰা ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহত নিয়মীয়াকৈ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা নাই । কিয়নো আন্তঃৰাজ্যিক যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নীতি নিৰ্দেশনাসমূহ শিথিল কৰাৰ পাছৰে পৰা তলাবন্ধৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা ৰাজ্যৰ লোকসকল গৃহাভিমুখী হৈছে ।

বহিঃৰাজ্যৰ পৰা অহা প্ৰতিজন লোককে ১৪ দিন কোৱাৰেন্টাইনত ৰখাটো বাধ্যতামূলক কৰিছে স্বাস্থ্য বিভাগে । কিন্তু ৰাজ্যৰ অধিকাংশ জিলাতে একেলগে বৃহৎ সংখ্যক মানুহ ৰাখিব পাৰকৈ শিক্ষানুষ্ঠানসমূহৰ গৃহক বাদ দি আন বিশেষ সুবিধাজনক স্থান নাই ৷ ৰাজ্যৰ যি দুই তিনিখন জিলাত অন্য বিকল্প আছে সেয়াও পৰ্যাপ্ত নহয় । এনে পৰিপেক্ষিতত বহিঃৰাজ্যৰ পৰা অহা লোকসকলক বাধ্যতামূলক ভাৱে কোৱাৰেন্টাইনত ৰাখিবলৈ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহ সাময়িকভাবে অধিগ্ৰহণ কৰিছে সংশ্লিষ্ট জিলা আৰু মহকুমা প্ৰশাসনে । লগতে ছাত্ৰ ছাত্ৰছাত্ৰীসকলৰ সুবিধাৰ্থে মুকলি কৰা দীক্ষা এপ, বিশ্ববিদ্যা এপৰ পাছত নতুনকৈ ৱেব পৰ্টেল মুকলি কৰি পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে ৷ এনে পৰিপ্ৰেক্ষিতত “দৈনিক অগ্ৰদূত”ৰ পৰা যোগাযোগ কৰাত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই কয়, ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত কেতিয়াৰ পৰা পাঠদান হ’ব এতিয়াই ক’ব নোৱাৰি ৷ সাম্প্ৰতিক পৰিস্থিতি অধ্যয়নৰ পাছত এই বিষয়ত বিস্তৃত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ লগতে পৰিস্থিতিগত কাৰণতে স্বাস্থ্য বিভাগে বিভিন্ন স্থানৰ শিক্ষানুষ্ঠানত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰিবলৈ বাধ্য হৈছে বুলি তেওঁ কয় ৷

Exit mobile version