ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিটজোঁটৰ চৰকাৰে দেওবাৰে চাৰিটা বছৰত ভৰি দিলে | এই উপলক্ষে ৰাজ্যবাসীলৈ কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ৰাইজৰ আশীৰ্বাদ, বিশ্বাস আৰু নিৰৱচ্ছিন্ন সহযোগিতাৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আজি চাৰিটা বছৰ সম্পূৰ্ণ কৰিলে । অনাগত এবছৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ আশিস আৰু একেধৰণৰ সহায়-সহযোগিতা কামনা কৰিছোঁ । ৰাজ্যখনৰ প্ৰতিজন লোকে যাতে সুস্থ-সবল আৰু নিৰোগী হৈ থাকে, তাৰ বাবে আমি সন্মিলিত প্ৰচেষ্টাৰে অহৰ্নিশে কাম কৰি যাম । এই প্ৰতিকূল সময়ত আগবঢ়োৱা সহযোগিতাৰ বাবে সংবাদ মাধ্যমৰ মই বিশেষ শলাগ লৈছোঁ।বিগত চাৰিটা বছৰত অসমৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে আমি যথাসম্ভৱ সকলো প্ৰচেষ্টাই গ্ৰহণ কৰিছোঁ। এই সময়ছোৱাত আপোনালোকে অকুণ্ঠভাৱে আগবঢ়োৱা সহযোগিতাৰ বাবে সকলোৰে প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।”
চাৰিটা বছৰ সম্পূৰ্ণ কৰিলে সোণোৱাল নেতৃত্বাধীন বিজেপি মিটজোঁটৰ চৰকাৰেঃ মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ
-
By publisher

- Categories: Assam, News
- Tags: AssamBJPSarbananda Sonowal
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026