২১ দিনত চীনা বেংকক পৰিশোধ কৰিব লাগিব চাৰে পাঁচ হেজাৰ কোটি

anil ambani 660

ইতিমধ্যে ডিঙিলৈকে ধাৰত পোত গৈ আছে ৰিলায়েন্স কমিউনিকেচনৰ কৰ্ণধাৰ অনিল আম্বানী ৷ তেওঁৰ কোম্পানীয়ে আগতেই নিজক দেউলীয়া ঘোষণা কৰি সম্পত্তি বিক্ৰীৰে দেনা আদায়ৰ কাম আৰম্ভ কৰিছে ৷ তৎস্বত্বেও দুৰ্গতিৰ সীমা নোহোৱা হৈছে অনিল আম্বানীৰ । ব্ৰিটেইনৰ এক আদালতৰ ৰায়ত অধিক বিপাঙত পৰিছে আম্বানী । ২০১২ ৰ পাৰ্ছনেল গেৰান্টি গোচৰত ব্ৰিটেইনৰ উক্ত আদালতৰ ৰায়ে তেওঁক বৃহৎ আঘাত দিলে ৷

মাত্ৰ ২১ দিনৰ ভিতৰতে আম্বানীয়ে চীনৰ তিনিটা বেংকক প্ৰায় পাঁচ হেজাৰ ৪৪৮ কোটি টকা আদায় দিব লাগিব ৷ অথচ এই মূহুৰ্তত অনিল আম্বানীৰ ইমান ধন পৰিশোধ কৰাটো প্ৰায় অসম্ভৱ। চীনৰ ৰাষ্ট্ৰীয়কৃত বেংক চাইনা ডেভেলপমেণ্ট বেংক, ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল বেংক অৱ চাইনা আৰু এক্সিম বেংক অৱ চাইনাই দাবী কৰিছে যে তেওঁলোকে অনিল আম্বানীৰ কোম্পানীক কে’বা হাজাৰ কোটি টকাৰ ঋণ দিছিল ।ইয়াৰ ভিতৰত চাইনা ডেভেলপমেণ্ট বেংকেই আম্বানীক ভাৰতীয় মুদ্ৰাত ন হেজাৰ ৮৬০ কোটি ঋণ দিছিল ৷ এক্সিম বেংক অৱ চাইনাই দিছিল তিনি হেজাৰ ৩৬০ কোটি টকাৰ ঋণ ৷ আনহাতে ইণ্ডাষ্ট্ৰীয়েল এণ্ড কমাৰ্চিয়েল বেংক অৱ চাইনাই দাবী কৰিছে যে তেওঁলোকে ৰিলায়েঞ্চ কমিউনিকেশ্যনৰ পৰা পাবলৈ আছে এহেজাৰ ৫৫৪ কোটি টকা ৷

বেংক তিনিটাই দাবী কৰা অনুসৰি আম্বানীয়ে এই ঋণসমূহ লৈছিল ব্যক্তিগত গেৰান্টীত ৷ কিন্তু ক্ৰমান্বয়ে আম্বানীৰ ব্যৱসায়ত ঘাটি হ’বলৈ ধৰাত উক্ত ঋণ পৰিশোধ কৰিব নোৱাৰাত পৰিছিল । বাধ্য হৈ চীনা বেংক তিনিটাই আম্বানীৰ বিৰুদ্ধে ব্ৰিটেইন আৰু ভাৰতীয় আদালতত গোচৰ তৰে ৷ ব্ৰিটেইনৰ আদালতে ইতিমধ্যে নিৰ্দেশ দিছে যে ২১ দিনৰ ভিতৰত আম্বানীয়ে ৭১৭ নিযুত ডলাৰ ঋণ আদায় দিব লাগিব ৷ ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমাণ প্ৰায় চাৰে পাঁচ হেজাৰ কোটি ৷ ইফালে আম্বানীৰ মুখপাত্ৰই জনাইছে যে ৰিলায়েন্স কমিউনিকেশ্যনে ব্যক্তিগত গেৰান্টীত ঋণ লোৱা নাছিল ৷ পূৰ্বতেও ভাৰতৰ একাধিক ঋণ গোচৰত বিপাঙত পৰিছিল আম্বানী ৷ তেতিয়া তেওঁক ৰক্ষা কৰিছিল জ্যেষ্ঠ ভ্ৰাতৃ মুকেশ আম্বানীয়ে।

Exit mobile version