জুলাই-আগষ্টত দুর্বল হ’বলৈ আৰম্ভ কৰিব কৰ’না ভাইৰাছঃ দাবী বিশেষজ্ঞৰ

দীর্ঘদিনীয়া তলাবন্ধই ৰোধ কৰিব পৰা নাই কৰ’না ভাইৰাছৰ সংক্ৰমণ । প্ৰতিদিনে ভাৰতত নতুন অভিলেখ গঢ়িছে কৰ’না সংক্ৰমণৰ পৰিসংখ্যাই। লক্ষ্যণীয়ভাৱে বিগত তিনিদিনে একেৰাহে ২৪ ঘণ্টাত ছয় সহস্ৰাধিক লোক সংক্ৰমিত হৈছে । দেশজুৰি আক্ৰান্তৰ সংখ্যা আজি পৰ্যন্ত ১৩৮,৯১৭জন আৰু মৃত্যু হৈছে ৪,০২৪ জন। অৱশ্যে সুস্থৰ সংখ্যাই কিছু আশাৰ বতৰাও কঢ়িয়াইছে । কিয়নো ৫৭,৭২১ জন সুস্থ হৈছে । দেশৰ ভিতৰতে সৰ্বাধিক মহাৰাষ্ট্ৰত ৫০,২৩১জন আক্ৰান্ত হৈছে। অৰুণাচল প্ৰদেশ, ছিক্কিম, মিজোৰামত এজনআকৈ কৰ’না আক্ৰান্ত হোৱাৰ তথ্যই কিছু সকাহৰ বাতৰি কঢ়িয়াইছে । তদুপৰি গোৱা, লাডাখ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, মণিপুৰত আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে যথেষ্ট কম। এইকেইখন ৰাজ্যক বাদ দি বাকী ৰাজ্যৰ আক্ৰান্তৰ সংখ্যাই শতক অতিক্ৰম কৰিছে।

ৰাজস্থান, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ এই তিনিওখন ৰাজ্যৰ প্ৰতিখনতে ছয় সহস্ৰাধিক লোক সংক্ৰমিত হৈছে। দিল্লী আৰু গুজৰাটত ১৩ হেজাৰৰো অধিক তথা তামিলনাডুত ১৬ হেজাৰৰো অধিক লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। কৰ্ণাটক আৰু পঞ্জাৱত এই সংখ্যা দুই সহস্ৰাধিক। পৰিসংখ্যাৰ বিশ্লেষণ কৰি কেন্দ্ৰীয় চৰকাৰে কয় যে তলাবন্ধ নহ’লে দেশত সংক্ৰমণৰ হাৰ এতিয়ালৈকে ১৫ ৰ পৰা ২০ লাখ হ’লহেঁতেন। আমেৰিকা বা ইউৰোপৰ দেশসমূহৰ দৰে ভাৰতত ধুমুহা গতিত সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱা নাই যদিও পৰিসংখ্যা অতি উদ্বেগজনক। মার্চৰ প্ৰথম সপ্তাহত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে ছয়-সাত জনকৈ বৃদ্ধি পাইছিল। এপ্ৰিলৰ আৰম্ভণিৰ সপ্তাহত গড়ে তিনিশৰ পৰা পাঁচশৰো অধিক হয়। মে’ৰ প্ৰথম সপ্তাহত এই দৈনিক বৃদ্ধিৰ গড় সংখ্যা দুহেজাৰৰ পৰা বৃদ্ধি হৈ ৩৩০০ হয়। এই ক্ৰমাগত বৃদ্ধিত বিভিন্নজনে শংকা প্ৰকাশ কৰিছে । একেদৰে মৃত্যুৰ সংখ্যাও বাঢ়িছে। এই সংখ্যা কিমানলৈ বৃদ্ধি পাব সেই উত্তৰ কাৰো হাতত নাই ।

ইপিনে, লাহে লাহে তলাবন্ধ শিথিল হৈছে । এই পৰিস্থিতিত সংক্ৰমণ বৃদ্ধিৰ হাৰ অধিক ভয়াবহ হোৱাৰ শংকা নুই কৰা নাই বিশেষজ্ঞই। শেহতীয়া প্ৰকাশিত এনে তথ্য অনুসৰি জুনৰ শেষ সপ্তাহত সৰ্বাধিক বৃদ্ধি পাব কৰ’না সংক্ৰমণৰ হাৰ। জুলাইৰ তৃতীয় সপ্তাহৰ পৰা লাহে লাহে ই নিম্নমুখী হ’ব। অক্টোবৰ প্ৰথম সপ্তাহত একেবাৰে কমি যোৱাৰ সম্ভাৱনা আছে।জনস্বাস্থ্য বিশেষজ্ঞৰ মতে, যিকোনো ভাইৰাছে ছয়ৰ পৰা সাত মাহৰ পাছত কিছু শক্তি হেৰুৱায়। সেই মৰ্মে দেখা যায় যে যোৱা ডিচেম্বৰ শেষৰ সপ্তাহত কৰ’নাৰ শক্তি পোহৰলৈ আহিছিল । সেই অংক অনুযায়ী জুলাইৰ তৃতীয়-চতুৰ্থ সপ্তাহত কৰ’না ভাইৰাছৰ ৰূপ সলনি বা শক্তি বৃদ্ধিৰ ক্ষমতা হ্ৰাস পাব আৰু তেতিয়া সংক্ৰমণ লাহে লাহে কমিব । এই মৰ্মে অক্টোবৰত একেবাৰে কমি যাব বুলি ভবা হৈছে।এনে হ’লেও শীতৰ সময়ত কৰ’না ভাইৰাছে ৰূপত আত্মপ্ৰকাশ কৰিব নে নাই, তাকে লৈ সমানে উদ্বেগ আছে। বিশেষজ্ঞসকলৰ মতে, ৰাজহুৱা পৰিবহণ বন্ধ ৰখা, মাস্কৰ সঠিক ব্যৱহাৰ আৰু সচেতনতা এই সকলোবোৰ মানি চলিলেহে সুফল লাভ কৰিব পৰা যাব। সংক্ৰামক ৰোগ বিশেষজ্ঞ অমিতাভ নন্দীয়ে কয়, ‘প্ৰাকৃতিকভাৱে সকলো ভাইৰাছে ছয়-সাতমাহৰ পাছত শক্তি হেৰুৱায়। এই মৰ্মে জুলাই আগষ্টৰ পৰা প্ৰভাৱ পৰিব লাগে। কিয়নো কৰ’না ডিচেম্বৰৰ শেষ ভাগত বা জানুৱাৰীৰ প্ৰথমভাগত বিশ্বত আত্মপ্ৰকাশ কৰিছিল।’

Exit mobile version