দুমাহৰ অন্তত দেশৰ আকাশ মাৰ্গত আৰম্ভ ঘৰুৱা বিমানৰ চলাচল

LGBI

দুমাহৰো অধিক দিন স্তব্ধ হৈ থকাৰ পাছত আজিৰে পৰা দেশত আৰম্ভ হয় ঘৰুৱা বিমানৰ চলাচল ৷ কিন্তু প্ৰথম দিনাই বিভিন্ন বিমানকোঠত ব্যাপক খেলিমেলিৰ সৃষ্টি হয় ৷ কে’বাটাও বিমানকোঠত আজি বিমানৰ উৰণ অৱতৰণ  বন্ধ ৰখা হয় ৷ দেশত ব্যাপক ৰূপত অব্যাহত থকা ক’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ, প্ৰাকৃতিক কাৰণ, বিমান পৰিচালনাত হোৱা খেলি মেলি আদিৰ ফলতে সৃষ্টি হোৱা এনে জটিলতাৰ বলি হ’বলগীয়া হয় যাত্ৰীসকল ৷ এনেবোৰ কাৰণতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আন্তৰাষ্ট্ৰীয় বিমানকোঠত আজি অৱতৰণ কৰিব লগীয়া নখন বিমানৰ যাত্ৰা বাতিল কৰিবলগীয়া হয় ৷ বৰঝাৰস্থিত বিমানকোঠটোত ১৭ খন বিমান দেশৰ কে’বাখনো ৰাজ্যৰ পৰা আহি অৱতৰণ কৰা আছিল কিন্তু আঠখন বিমানহে আজি অৱতৰণ কৰে। কলকাতাৰ পৰা এখনো বিমান আজি গুৱাহাটীলৈ নাহিল ৷

শেহতীয়াকৈ আমপানৰ তাণ্ডৱত কলকাতা বিমানকোঠৰ ব্যাপক ক্ষতিসাধন হয় ৷ ফলস্বৰূপে বিমানকোঠটোত উৰণ অৱতৰণ পৰিবেশ অদ্যাপি গঢ়ি উঠা নাই ৷ইপিনে বিমান উৰণক লৈ সৃষ্টি হোৱা খেলিমেলিৰ কাৰণে এয়াৰ ইণ্ডিয়াৰ ভূমিকাত ক্ষুণ্ণ হৈ বহু যাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।আজি দিল্লীৰ পৰা দেশৰ বিভিন্ন স্থানলৈ যাত্ৰা কৰিবলগীয়া বিমানবোৰৰ ভিতৰত ৮০ খনৰে উৰণ শেষ মুহূৰ্তত বাতিল কৰা হয়। উক্ত বিমানবোৰেৰে যাত্ৰাৰ বাবে অপেক্ষাৰত যাত্ৰীসকল ক্ষুদ্ধ হৈ পৰে । আজি দিল্লীৰ পৰা ১২৫ খন বিমান যাত্ৰা কৰাৰ কথা আছিল ৷ আনহাতে অৱতৰণ কৰিবলগীয়া বিমানৰ সংখ্যা আছিল ১১৮ খন ৷দীঘলীয়া তলাবন্ধৰ ফলত আৱদ্ধ হৈ পৰা যাত্ৰীসকল নিজৰ নিজৰ গন্তব্য স্থান পাবলৈ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া আধাৰতে টিকট বুকিং কৰিছিল ৷সেইমতে যাত্ৰীসকলে বিমান কোঠত উপস্থিত হৈছিল ৷

যাত্ৰীসকলে অভিযোগ কৰে যে যাত্ৰা বাতিল কৰা সন্দৰ্ভত তেওঁলোক শেষ মুহূৰ্ত পৰ্যন্ত জ্ঞাত নাছিল ৷ইফালে আজি বিমানেৰে বিভিন্ন স্থানৰ পৰা অহা যাত্ৰীক কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰাকে ধৰি ৰূপায়ণ কৰা অন্যান্য স্বাস্থ্য সুৰক্ষা বিধিসমূহ পালন পৰ্যবেক্ষণ কৰিবলৈ বৰঝাৰ বিমানকোঠত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰী শৰ্মাই কয় যে আজি কে’বাখনো বিমানৰ যাত্ৰা বাতিল হ’লেও অহা তিনি চাৰিদিনৰ ভিতৰত দেশৰ বিভিন্ন স্থানৰ পৰা ৩২ খন যাত্ৰীবাহী বিমান গুৱাহাটীত উপস্থিত হ’ব ৷ কলকাতা বিমানকোঠৰ পৰাও অহা ২৮ মে’ৰ পৰা অসমলৈ বিমান আহিব বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে ৷ আনহাতে অসমৰ যাত্ৰীসকলক স্কীনিঙৰ পিছতে ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে নিজৰ জিলালৈ লৈ যোৱা হয় ৷

Exit mobile version