ইছলাম ধৰ্ম্মাৱলম্বী লোকসকলে পালন কৰিব পৱিত্ৰ ঈদ-ঊল-ফিটৰ। ৰমজানৰ অন্তত আকাশত জোন দেখাৰ পাছতে ৰাজ্যিক কেন্দ্ৰীয় হিলাল কমিতিয়ে এই কথা নিশ্চিত কৰে। অৱশ্যে সাম্প্ৰতিক কৰ’না পৰিস্হিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ সমূহীয়া নামাজ অবিহনেই ঈদ উদ্যাপন কৰা হ’ব। ত্যাগ, সংযম, প্ৰেম আৰু ভাতৃত্ববোধৰ প্ৰতীক ঈদ-ঊল- ফিটৰ উপলক্ষে ৰাজ্যৰ ইছলাম ধৰ্ম্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে। এক শুভেচ্ছা বাৰ্তাত ৰাজ্যপালে কয় যে পৱিত্ৰ ঈদ-ঊল-ফিটৰে সমাজত বৰ্তি থকা প্ৰেম আৰু ভাতৃত্ববোধৰ বান্ধোন আৰু অধিক শক্তিশালী কৰিব। মানৱ কল্যাণৰ স্বাৰ্থত এই জটিল সন্ধিক্ষণত বিশ্ব শান্তিৰ বাবে ঘৰতে মাজি সামাজিক দূৰত্ব বজাই ৰাখি ইছলাম ধৰ্ম্মাৱলম্বী লোকসকলক পৱিত্ৰ ঈদ-ঊল-ফিটৰ পালন কৰিবলৈ তেওঁ আহ্বান জনায় ।
ঈদ-ঊল-ফিটৰ উপলক্ষে ৰাজ্যৰ ইছলাম ধৰ্ম্মাৱলম্বী লোকসকলক আন্তৰিক শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এক শুভেচ্ছা বাৰ্তাত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ঈদ-ঊল-ফিটৰ ইছলাম ধৰ্ম্মাৱলম্বী লোকৰ এক পৱিত্ৰ উৎসৱ । এই উৎসৱে ত্যাগ, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে। ঈদ-ঊল-ফিটৰ পালনৰ জৰিয়তে মানুহৰ মাজত থকা প্ৰেম আৰু ভাতৃত্ববোধৰ লগতে পাৰস্পৰিক বুজাবুজি অধিক সুদৃঢ় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। লগতে কৰ’না ভাইৰাছ(ক’ভিদ-১৯)অতিমাৰীৰ এই জটিল সন্ধিক্ষণত মানৱ জাতিৰ ৰক্ষাৰ বাবে পৱিত্ৰ ঈদত প্ৰ্থনা কৰিবলৈও তেওঁ ইছলাম ধৰ্ম্মাৱলম্বীক আহ্বান জনায়। তদুপৰি এই সময়ছোৱাত কভিদ-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জাৰি কৰা নীতি নিৰ্দেশনাসমূহ পালনত গুৰুত্ব দিয়াৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। একেদৰে পৱিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে ।
এক শুভেচ্ছা বাৰ্তাত তেওঁ কয় যে ত্যাগ, সংযম, প্ৰেম আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ-ঊল-ফিটৰে সকললৈ কঢ়িয়াই আনক শান্তি আৰু সমৃদ্ধি। লগতে এই সময়ছোৱাত নিজৰ উপৰি সমাজৰ কল্যাণৰ স্বাৰ্থত ইছলাম ধৰ্মাৱলম্বী লোকসকলক নিজ নিজ ঘৰতে ঈদ-ঊল-ফিটৰৰ নামাজ আদায় কৰিবলৈও তেওঁ আহ্বান জনায়। নামাজ আদায়ৰ নামত যাতে তলাবন্ধা নীতি-নিৰ্দেশনা উলংঘা নহয় সেয়ে নিশ্চিত কৰিবলৈ প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অগপ সভাপতি অতুল বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, অগপৰ কাৰ্য্যকাৰী সভাপতি কেশৱ মহন্ত, অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধি, আঠগাঁও কবৰস্হান কমিতিৰ উপদেষ্টা নেকিব ইমাম শইকীয়াকে ধৰি বিভিন্ন দল – সংগঠন তথা ব্যক্তি বিশেষে।