আমপানৰ পাছত চৰ্চাৰ কেন্দ্ৰ ‘নিসৰ্গ’

cyclone

মহাঘূর্ণী আমপানৰ ধ্বংস লীলা স্তব্ধ হ’লেও এতিয়াও দূৰ হোৱা নাই ইয়াৰ ভয়াবহতা । পশ্চিমবংগ, ওড়িছা আদিৰ বিস্তীৰ্ণ অঞ্চলৰ ধ্বংসস্তূপ সমূহো ভালদৰে আঁতৰা নাই । পৰিস্থিতিও এই পৰ্যন্ত আতংকময় হৈ আছে । তেনে সময়তে পৰিৱেশবিদসকল ব্যস্ত হৈ পৰিছে ‘নিসৰ্গ ‘ৰ চৰ্চাত । এই ‘নিসৰ্গ’ হৈছে আন এক ঘূর্ণী ধুমুহাৰ নাম । ইয়াৰ নাম ৰাখিছে বাংলাদেশে । এই ধুমুহা কেতিয়া আহিব, ক’ত আচাৰ খাই পৰি ধ্বংসলীলাত মতলীয়া হ’ব, গতিবেগ কিমান হ’ব; এইবোৰৰ কোনো সুস্পষ্ট ইংগিত নাই । কিন্তু আমপানৰ তাণ্ডৱৰ পাছতে পৰৱৰ্ত্তী ধুমুহা নিসৰ্গক কেন্দ্ৰ কৰি বিভিন্ন মহলত আলোচনা তুংগত উঠিছে । সামাজিক মাধ্যমত সৰ্বত্ৰেই এতিয়া ইয়াৰ আলোচনা আৰম্ভ হৈছে । আনকি আলোচনাত উঠি আহিছে ‘নিসৰ্গ’ৰ পৰৱৰ্তী ঘূর্ণীবতাহৰ বিষয়ো। যেনে, নিসৰ্গ’ৰ পাছৰ ধুমুহাৰ নাম হ’ব ‘গতি'(ভাৰত)আৰু তাৰ পাছৰ ধুমুহাৰ নাম হ’ব ‘নিভাৰ'(ইৰান)আদি ।

উল্লেখ্য যে ছুপাৰ চাইক্ল’ন আমপানৰ নামাকৰণ হৈছিল ১৬ বছৰৰ পূৰ্বে । ২০০৪ ত থাইলেণ্ডে এই ঘূর্ণীৰ নামকৰণ কৰিছিল । পৰিৱেশবিদসকলৰ মতে, সাধাৰণ মানুহক ধুমুহাৰ সম্পৰ্কে তথ্য জনোৱাৰ বাবে ইয়াৰ নাম থকাটো জৰুৰী । অন্যথা একে সময়তে একেখন সাগৰতে একাধিক ধুমুহাৰ সৃষ্টি হ’লে চিহ্নিত কৰাত সমস্যা হয় । আনকি ধুমুহা পাৰ হৈ যোৱাৰ পাছতো পৰিৱেশবিদ সকল একেই সমস্যাত পৰে । আন্তৰ্জাতিক নিয়ম অনুসাৰে যিখন মহাসাগৰত ঘূর্ণী বতাহৰ উদ্ভৱ হয়, তাৰ অৱবাহিকা থকা দেশ সমূহে সেই ঘূর্ণীৰ নামকৰণ কৰে । এই শতিকাৰ আৰম্ভণিৰে পৰা এই পদ্ধতি আৰম্ভ হয় । পৃথিৱীত মুঠ ১১টা প্ৰতিষ্ঠানে ঘূর্ণীৰ নাম ঠিক কৰে । অৱশ্যে কিছু দশকৰ আগলৈ এইবোৰ নিয়ম নাছিল ।

তেতিয়া নানা ঘটনাৰ পৰা সেই ঘূর্ণীৰ নাম ৰখা হৈছিল । কোনো ঘূর্ণী বতাহৰ প্ৰকোপত জাহাজ ডুবিলে সেই জাহাজৰ নামতে ঘূৰ্ণীৰো নাম ৰখা হৈছিল । ২০০০ত ঘূর্ণীৰ নামকৰণৰ বাবে নিয়ম প্ৰস্তুত কৰা হয় । তেতিয়াই ৱৰ্ল্ড মেটেৰ’লজিকেল অৰ্গেনাইজেচন আৰু ইউনাইটেড নেশ‍্যনছ ইক’নমিক এণ্ড ছ’চিয়েল কমিচন ফৰ এছিয়াৰ সদস্য দেশ সমূহে ঘূর্ণী বতাহৰ নামকৰণ আৰম্ভ কৰে । এই সদস্য ৰাষ্ট্ৰ সমূহৰ ভিতৰত আছে ভাৰত, বাংলাদেশ, মালদ্বীপ, ম্যানমাৰ, ওমান, পাকিস্তান, শ্ৰী লংকা আৰু থাইলেণ্ড । প্ৰতিখন দেশৰ পৰা ঘূর্ণীৰ নাম বিচৰা হয় । তাৰ পাছত দেশে প্ৰতি ৮টাকৈ নাম বাছনি কৰি মুঠ ৬৪টা ঘূৰ্ণী বতাহৰ নামকৰণ কৰা হয় । সেই তালিকাৰে অন্যতম নাম আছিল ‘আমপান’। সেইদৰে পৰৱৰ্তী সময়ত আহিবলগীয়া ঘূর্ণী বতাহ ‘নিসৰ্গ’, ‘গতি ‘, ‘নিভাৰ’ আদি নামেৰে পৰিচিত হ’ব ।

Exit mobile version