কৰ’না হেয়াৰ ষ্টাইলক লৈ ছ’চিয়েল মিডিয়াত বিশেষ চর্চা

corona hair

তলাবন্ধৰ মাজতে চর্চা আৰম্ভ হৈছে কৰ’না হেয়াৰ ষ্টাইলক লৈ । এনে চর্চাক লৈ আচৰিত হ’ব লগা একো নাই যদিও বিশ্ববাসীৰ সন্মুখলৈ অহা ষ্টাইলক লৈহে সৃষ্টি হৈছে আশ্বৰ্যৰ। তলাবন্ধৰ গৃহবন্দী জীৱনত সাধাৰণ লোকসকলৰ সমান্তৰালভাৱে তাৰকা সকলেও ঘৰতে চুলি কাটিবলৈ বাধ্য হৈছে । কোনোবাই যদি জীৱন সংগীত চুলি কটা কামত লগাইছে , আন কোনোবাক এই কামত সহায় কৰিছে ভ্ৰাতৃ অথবা ভগ্নীয়ে; কিন্তু এনে এক প্ৰক্ৰিয়াই জনসাধাৰণৰ মাজত সচেতনতাৰো সৃষ্টি কৰিবলৈ সক্ষম হৈছে । অৱশ্যে এনে সচেতনতাৰ পৰিৱৰ্তে হেয়াৰ ষ্টাইলক লৈহে অধিক চর্চা চলিছে ছ’চিয়েল মিডিয়াত।

কৰ’না হেয়াৰ ষ্টাইল নামেৰে পৰিচিত হৈ পৰা এই হেয়াৰ ষ্টাইলৰ উৎপত্তিস্থল হৈছে কেনিয়া । চুলিক লৈ পৰীক্ষা-নিৰীক্ষা কৰিব বিচৰা সকলে তলাবন্ধৰ এই সময়ছোৱাতে মনৰ আনন্দ বিচাৰি পাব পাৰে কৰ’না হেয়াৰ ষ্টাইলৰ মাধ্যমত । এই কৰ’না হেয়াৰ ষ্টাইল অনুকৰণ কৰাটো বিশেষ কঠিন কাম নহয় । অতি সহজেই এই ষ্টাইলত চুলি কাটিব পাৰি । চুলিৰ ষ্টাইল দিব বিচৰা সকলে নিশ্চিত ভাৱেই জানে ‘ড্ৰেডলক হেয়াৰ ষ্টাইলৰ’ বিষয়ে । কৰ’না হেয়াৰ ষ্টাইলো তেনেকুৱাই । চুলি বিলাক প্ৰথমে ড্ৰেডলক কৰিব পৰাকৈ ভাগ ভাগ কৰি লোৱাটো প্ৰয়োজন। ইয়াৰ পাছত ড্ৰেডলক কৰি বন্ধাৰ প্ৰয়োজন । শেষৰ পৰ্যায়ত ‘গাৰ্ডাৰে’ বান্ধি ল’ব লাগিব ।

এই ষ্টাইল আৰম্ভ কৰাৰ স’তে আন এক উদ্দেশ্যও আছিল যাতে জনসাধাৰণে অতি কম খৰচতে চুলি কাটিব পাৰে তথা কৰ’নাক লৈ সজাগতাৰো সৃষ্টি হয় । কেনিয়াত কম বয়সীয়া সকলে কৰ’নাক লৈ সজাগ যদিও বয়োজ্যেষ্ঠসকলে এতিয়াও কৰ’নাৰ ভয়াবহতা অনুভৱ কৰিব পৰা নাই । সেয়েহে ‘ফেশ্বন’ৰ মাধ্যমতে সজাগতা সৃষ্টিৰ বাবে আগবাঢ়ি আহিল কেনিয়াৰ হেয়াৰ ড্ৰেছাৰ শ্বেৰন ৰেফা । কৰ’না ষ্টাইলত মূলতঃ কৰ’না ভাইৰাছৰ আকাৰতে চুলি বান্ধি দিয়া হয় । চুলিৰ বান্ধ খুলি দিলেই হয় ‘কাৰ্লি’হেয়াৰ ষ্টাইল । এই ষ্টাইলক লৈ কম বয়সীয়া সকলে বিশেষ আনন্দও লাভ কৰিছে।

Exit mobile version