পুনৰ ভুমুকি মাৰিলে কীমে

download 2

জল্পনা কল্পনাৰ অৱসান ঘটাই ২০ দিনৰ পাছত আকৌ এবাৰ ৰাজহুৱা আত্মপ্ৰকাশ কৰিলে উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনে৷স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অতি শেহতীয়াভাৱে সেনাৰ শীৰ্ষ বিষয়াসকলৰ স’তে কীমে পৰমাণু যুদ্ধ সংক্ৰান্তীয় এক বৈঠকত অংশ লৈছিল । প্ৰকাশিত বাতৰি অনুসৰি, দেশখনৰ চেন্ট্ৰেল মিলিটেৰী কমিছনৰ বৈঠকত উপস্থিত আছিল কীম । আণৱিক যুদ্ধৰ ক্ষেত্ৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু প্ৰতি আক্ৰমণৰ সন্দৰ্ভত নতুন নীতি নিৰ্ধাৰণৰ সন্দৰ্ভত এই বৈঠকত উত্তৰ কোৰিয়াৰ শাসকে আলোচনা কৰে বুলি দেশখনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান কে চি এন এয়ে জানিবলৈ দিয়ে ৷ এই বৈঠকত উত্তৰ কোৰিয়াৰ পাৰমাণৱিক শক্তি বৃদ্ধি কৰা আৰু সশস্ত্ৰ বাহিনীক কৌশলগত উপায়েৰে উচ্চ সতৰ্কতামূলক অভিযানত অন্তৰ্ভুত কৰাৰ বাবে নতুন নীতি উদ্ভাৱনৰ প্ৰসংগত আলোচনা কৰা হৈছিল ৷ কে চি এন এৰ বাতৰিত এইদৰে প্ৰকাশ কৰা হৈছে ।

সংবাদ প্ৰতিষ্ঠানটোৱে উত্তৰ কোৰিয়াৰ শাসকে সামৰিক বিষয়াৰ স’তে বৈঠকত অংশ লোৱাৰ একাধিক ফ’টোগ্ৰাফো প্ৰচাৰ কৰিছে ৷ এই ছবিত কীমে সামৰিক বিষয়াসকলক নিৰ্দেশনা দিয়া অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে । স্মৰ্তব্য যে কীমৰ স্বাস্থ্যৰ সন্দৰ্ভত বিভিন্ন বাতৰি বিগত কে’বামাহ ধৰি প্ৰচাৰিত হৈ আহিছে । আনকি উত্তৰ কোৰিয়াৰ শাসকৰ মৃত্যু হোৱা বুলিও হংকঙৰ এটি টেলিভিছন চেনেলে দাবী কৰিছিল ৷ এনে সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসকজনে তেওঁ জীৱিত থকাৰ প্ৰমাণ আকৌ এবাৰ দাঙি ধৰিলে ৷ দেশখনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠানে কীমৰ সন্দৰ্ভত শেহতীয়াভাৱে প্ৰচাৰ কৰা এই বাতৰিয়ে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Exit mobile version