ভাৰত মহাসাগৰৰ তলৰ বিশাল টেক্ট’নিক প্লেট দ্বিখণ্ডিত

5eca7bf89359c2d8a33ff4c1 9PNq56VAmpDNx4nSjDsth9 970 80

বিপৰ্যয়ে যেন লগ এৰা নিদিব। কৰ’না ভাইৰাছতকৈ অধিক ভয়াবহ বিপৰ্যয়ে যিকোনো মুহূৰ্ততে ধ্বংস লীলা চলাব পাৰে । তথ্য অনুসৰি, দ্বিখণ্ডিত হৈ পৰিছে ভাৰত মহাসাগৰৰ তলৰ বিশাল টেক্ট’নিক প্লেট । সেইবাবেই ভৱিষ্যতে ভয়াবহ ভূমিকম্প হোৱাৰ আশংকা কৰিছে বিজ্ঞানীসকলে । বিজ্ঞান বিষয়ক ৱেবচাইট লাইভ ছাইন্স জনাইছে যে ভাৰত-অষ্ট্ৰেলিয়াৰ মকৰাঞ্চলৰ সেই প্লেট প্ৰতি বছৰে ০.০৬মিলিমিটাৰ কৈ দূৰলৈ দূৰলৈ আঁতৰি গৈ আছে ।

আঠ বছৰৰ পূৰ্বে এবাৰ ভাৰত মহাসাগৰৰ তলত ভূমিকম্প হৈছিল । তাৰপাছৰ পৰাই সেই প্লেটৰ এনে পৰিৱৰ্তন লক্ষ্য কৰি আছে বিজ্ঞানীসকলে।সাধাৰণ দৃষ্টিত চালে দ্বিখণ্ডিত হোৱা প্লেট দুখন পৰস্পৰৰ পৰা আঁতৰি গৈ থকাৰ গতি অতি মন্থৰ ।এই গতিৰে চলি থাকিলে প্লেট দুখনৰ ব্যৱধান এক মাইল দূৰত্ব হোৱাৰ বাবে ১০লাখ বছৰ সময় লগাৰ কথা । কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটো ঘটি আছে পানীৰ তলত । ফলত কি কি পৰিৱৰ্তন ঘটি আছে, সেয়া প্ৰতি ক্ষণতে লক্ষ্য ৰখাটো সম্ভৱ হোৱা নাই ।

অৱশ্যে প্লেট দুখন পৃথক হোৱাৰ গতি মন্থৰ হ’লেও বিজ্ঞানীসকল চিন্তাত আছে।কিয়নো এইদৰে প্লেট আঁতৰি যোৱাই ভূমিকম্পৰ কাৰণ হ’ব পাৰে । সেই ভয়াবহ ভূমিকম্প শীঘ্ৰেই আহিব নে ১০বছৰৰ পাছত হ’ব ,তাৰ কোনো নিশ্চয়তা বিজ্ঞানীসকলে লাভ কৰিব পৰা নাই । গৱেষক অৰলি কৌদুৰিয়াৰ-কাৰ্ভুৰে কয়,’আন গ্ৰহৰ সীমাৰ তুলনাত ই আমাৰ বাবে গুৰুত্বপূৰ্ণ । সকলোবোৰ ঘটি আছে পানীৰ তলত।

পানীৰ অত্যন্ত গভীৰতা সকলো সময়তে সমস্ত পৰিৱৰ্তন আমাৰ দৃষ্টিগোচৰ হোৱা নাই । অৱশ্যে দুখন প্লেট ভাঙি দুটুকুৰা হৈ পৰিছে । সেই টুকুৰাবোৰ ক্ৰমাৎ পৰস্পৰৰ পৰা আঁতৰি গৈ আছে ।গতি অৱশ্যে একেবাৰে কম ।’ গোলকীয় উষ্ণতাৰ পৰা আৰম্ভ কৰি প্ৰদূষণ, ইটোৰ পাছত সিটো কাৰণত ইতিমধ্যেই পৰিৱেশবিদসকলে ঘনাই উদ্বেগ প্ৰকাশ কৰি আহিছে । কিছু বছৰৰ পূৰ্বেও প্ৰকাশ পাইছিল যে এইদৰে টেক্ট’নিক প্লেট আঁতৰি গৈ থকাৰ বাবেই হিমালয় পৰ্বতমালাও ক্ৰমাৎ আঁতৰি গৈ আছে । বিজ্ঞানীৰ মতে, এই প্লেট দুখন আঁতৰি যোৱাৰ ফলত ২০হেজাৰ বছৰৰ পাছত পৃথিৱীত ভয়াবহ প্ৰাকৃতিক দুৰ্যোগে দেখা দিব পাৰে ।

Exit mobile version