উহানৰ পৰীক্ষাগাৰত সক্ৰিয় তিনি কৰ’না ভাইৰাছ

IMG 20200527 164059

আন্তৰ্জাতিক চাপত পৰি অৱশেষত চাঞ্চল্যকৰ স্বীকাৰোক্তি দিলে চীনে ।এইবাৰ বেইজিঙে জনালে যে তেওঁলোকৰ গৱেষণাগাৰত বাদুলিৰ পৰা সংগ্ৰহ কৰা তিনি প্ৰকাৰৰ সক্ৰিয় কৰ’না ভাইৰাছ আছে ।অৱশ্যে সিবোৰৰ স’তে মাৰাত্মক কৰ’না ভাইৰাছৰ কোনো মিল নাই।অৱশ্যে এইদৰে স্পষ্টীকৰণ দিলেও চীনে এতিয়াও বহু তথ্য গোপন কৰা বুলিয়ে বিশ্লেষক সকলে স্পষ্ট মত প্ৰকাশ কৰিছে ।কৰ’না ভাইৰাছ চীনৰ উহান চহৰত থকা পৰীক্ষাগাৰৰ পৰাই বিয়পা বুলি আমেৰিকাৰ উপৰি ইউৰোপৰ বহু দেশে আগৰে পৰাই অভিযোগ উত্থাপন কৰি আহিছিল।তেনে অভিযোগৰ প্ৰত্যুত্তৰত চীনে সম্প্ৰতি স্বীকাৰ কৰিলে যে উহানৰ ভাইৰ’লজী লেবত বাদুলিৰ পৰা সংগ্ৰহ কৰা তিনিবিধ কৰ’না ভাইৰাছ আছে। কিন্তু সেইবোৰৰ স’তে ক’ভিড ১৯ ৰ কোনো মিল নাই ।

উহান ভাইৰ’লজী ইনষ্টিটিউটৰ সঞ্চালক ৱাং ইয়ানাই সংবাদ মাধ্যমক জনোৱা মতে,’চীনৰ বিৰুদ্ধে ভাইৰাছ বিয়পাই দিয়া বুলি আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশে যি অভিযোগ আনিছে ,সেয়া সম্পূৰ্ণ মিছা ।ইয়ানাই কয়,’আমাৰ পৰীক্ষাগাৰত বাদুলিৰ পৰা সংগ্ৰহ কৰা তিনিবিধ কৰ’না ভাইৰাছ আছে।সেইবোৰক অত্যন্ত নিৰাপদে পৃথকে সংৰক্ষিত কৰা আছে।অৱশ্যে এইবোৰৰ স’তে ‘ছাৰ্ছ চিঅ’ভি -২’ৰ মিল থকাৰ সম্ভাৱনা অতি বেছি ৭৯.৮শতাংশ।’ ইপিনে ,চীনৰ এই যুক্তি একাংশ বিশ্লেষকে মানি লোৱা নাই।কিয়নো চীনৰ তথ্য গোপন কৰাৰ স্বভাৱটো বিশ্বৰ বাবে নতুন কথা নহয় ।সবাতোকৈ উল্লেখনীয় বিষয়টো হৈছে,যোৱা ১৩মে’ত বাণীবদ্ধ হোৱা উহানৰ ভাইৰ’লজী লেবৰ সঞ্চালকৰ এই সাক্ষাৎকাৰ ইমানদিনৰ পাছত কিয় প্ৰচাৰ কৰা হ’ল,সেই সন্দৰ্ভত চীনা সংবাদ মাধ্যমেও কোনো সদূত্তৰ দিব পৰা নাই।উল্লেখ্য যে বিগত কিছুদিন ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ বিদেশ সচিব মাইক পম্পেঅ’য়ে চীনৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি আহিছে।তেওঁলোকে দাবী কৰি আহিছে যে উহানৰ ভাইৰ’লজী লেবৰেট’ৰীৰ পৰাই কৰ’না ভাইৰাছ সমগ্ৰ বিশ্বত বিয়পাই দিয়া হৈছে । এই দাবীৰ উপযুক্ত প্ৰমাণ থকা বুলিও তেওঁলোকে দাবী কৰি আহিছিল।

Exit mobile version