মা উঠাচোন !মৃত মাতৃক জগোৱাৰ চেষ্টা শিশুৰ

IMG 20200528 222849

সংসাৰ ,সন্তানৰ মায়া এৰি কেতিয়াও উভতি নহা দেশলৈ গুচি গ’ল মাতৃ । কিন্ত অবোধ শিশু সন্তানে সেয়া বুজি নাপালে । শিশুটিয়ে হয়তো ভাবিছিল, পথৰ ক্লান্তি দূৰ কৰিবলৈকে হয়তো মাকে অলপ বিশ্ৰাম লৈছে ।সেই বাবেই মাকৰ গাৰ কাপোৰ টানি জগাবলৈ অহৰহ চেষ্টা চলাই গৈছিল অবোধ শিশুটিয়ে । এনে এক মৰ্মান্তিক ঘটনাৰে সাক্ষী হৈ ৰ’ল বিহাৰৰ মুজফফৰপুৰ ৰেল ষ্টেচন । সেই নিদাৰুণ দৃশ্যৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰত্যক্ষ কৰি বহুতেই চকুলো নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। মৃত মহিলাগৰাকী মুজফফৰপুৰৰে নিবাসী । সংসাৰত আপোন বুলিবলৈ কেৱল অবোধ শিশুটি । সন্তানৰ মুখত অন্ন দিবলৈ নাপালে কোন মাতৃয়ে বাৰু শান্তি পায় । আৰ্থিক সকাহৰ বাবেই কিছুমাহৰ পূৰ্বে তেওঁ নিজগৃহ ত্যাগ কৰি গুজৰাটত উপস্থিত হৈ শ্ৰমিক ৰূপে এটা কাৰখানাত কাম কৰিবলৈ আৰম্ভ কৰে ।

প্ৰথম কেইমাহমান কিছু উপাৰ্জনো হৈছিল। কিন্ত তলাবন্ধই সকলো সলনি কৰি পেলালে । কাম বন্ধ হোৱাত উপাৰ্জনো হোৱা নাছিল । সঞ্চিত ধনেৰে কিছুদিন চলিলেও এটা সময়ত সেয়াও শেষ হ’ল । নিজৰ লগতে সন্তানকো কে’বাদিনো খুদকণ এটাও খুৱাব পৰা নাছিল । তথাপি সন্তানৰ মুখলৈ চাই জীৱন সংগ্ৰাম অব্যাহত ৰাখিছিল মহিলাগৰাকীয়ে । ভাবিছিল, ঘৰলৈ উভতিব পাৰিলে হয়তো কিবা এটা কৰিব পৰা যাব । অৱশেষত শ্ৰমিক স্পেচিয়েল ৰেলৰ চলাচল আৰম্ভ হোৱাত মহিলাগৰাকীয়ে এদিন সন্তানক লৈ বিহাৰমুখী ৰেল এখনত উঠে । একাংশ সহযাত্ৰীয়ে অভিযোগ কৰা মতে, ৰেলতো খাদ্য-পানী আদি পোৱা নাছিল তাৰ ওপৰতে আকৌ অসহ্যকৰ গৰম । সকলো মিলাই মহিলাগৰাকী ইমানেই ক্লান্ত হৈ পৰে যে শেষৰক্ষা তেওঁৰ নহ’ল । জীৱন যুদ্ধত তেওঁ পৰাজিত হ’ল । মুজফফৰপুৰ ৰেল ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বেই মহিলা গৰাকীৰ মৃত্যু হয় ।ৰেল ষ্টেচনত মহিলাগৰাকীৰ মৃতদেহ কাপোৰেৰে মেৰিয়াই নমাই দিয়া হয় । কাষত অবোধ শিশুটি । তাৰ পাছত সকলো আঁতৰি যায় গন্তব্যস্থলীলৈ ।

ৰৈ গ’ল এটি মৃতদেহ আৰু একো বুজি নোপোৱা শিশুটি । কাষত কোনো নাছিল । সেয়ে মাতৃক মাটিৰ পৰা টানি তোলাৰ আপ্ৰাণ চেষ্টা কৰিছিল শিশুটিয়ে । অবোধ শিশুটিয়ে তেতিয়াও বুজি পোৱা নাছিল যে মাকৰ ইতিমধ্যে মৃত্যু ঘটিছে । হয়তো টোপনি যোৱা বুলি ভাবিছিল । কিবা খাবলৈ বা ঘৰলৈ যোৱাৰ কথা ক’বলৈকো হয়তো শিশুটিয়ে মাকক উঠাবলৈ যত্ন কৰি আছিল  । শিশুটিৰ সেই ব্যৰ্থ প্ৰয়াস তৎকালে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে । অৱশ্যে শিশুটিৰ আৰু মাকৰ মৃতদেহৰ কি ব্যৱস্থা হ’ল ,সেয়া এতিয়াও অজ্ঞাত হৈ আছে । ৰাজনৈতিক মহলত প্ৰব্ৰজিত শ্ৰমিকসকলক কেন্দ্ৰ কৰি অনেক আলোচনা হৈছে । কিন্ত এই শ্ৰমিক সকলৰ অৱস্থা যে মুঠেই ভাল নহয়, সেয়া অসহায় শিশুটিয়ে মাকক জগাবলৈ কৰা আপ্ৰাণ চেষ্টাতেই যেন আকৌ এবাৰ স্পষ্ট হৈ পৰিল।

Exit mobile version