শ্ৰমিকৰ পৰা ল’ব নোৱাৰিব ৰেলৰ ভাড়া

859910 shramik 970

দেশজুৰি কৰ’না সংক্ৰমণৰ পৰিস্থিতিত নিজ গৃহলৈ উভতিছে লক্ষ লক্ষ প্ৰব্ৰজিত শ্ৰমিকে ৷ এই যাত্ৰাপথত তেওঁলোকে বিভিন্ন যাতনাৰ সন্মুখীন হ’বলগীয়া হৈছে  ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত অনাহাৰ অনিদ্ৰাৰে বিভিন্ন স্থানত দিন টাবলগীয়া হোৱা এনে শ্ৰমিকক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হয় কেন্দ্ৰীয় চৰকাৰ ৷ উচ্চতম ন্যায়ালয়ে প্ৰব্ৰজিত শ্ৰমিকৰ যাতায়তক লৈ এক বিতং অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰে ৷ দেশৰ বিভিন্ন প্ৰান্তত জীৱন জীৱিকাৰ তাড়নাত সংস্থাপন বিচাৰি যোৱা এইসকল শ্ৰমিকৰ স্বগৃহলৈ ওভতনি যাত্ৰাৰ বিষয়টোক লৈ আৰম্ভণিৰে পৰা বিতৰ্ক অব্যাহত আছে ৷ যোৱা পহিলা মে’ত কেন্দ্ৰীয় চৰকাৰে প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ শ্ৰমিক ৰেলৰ ব্যৱস্থা কৰাৰে পৰা অধিক বিতৰ্কৰ সৃষ্টি হৈছে ৷এই শ্ৰমিকসকলৰ ৰেলৰ ভাৰাক লৈও শেহতীয়াকৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল । উচ্চতম ন্যায়ালয়ে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হৈ দেশৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত দাঙি ধৰা তথ্য অনুসৰি এই পৰ্যন্ত ৯১ লাখ প্ৰব্ৰজিত শ্ৰমিক স্বগৃহলৈ ওভতি আহিছে ৷ ৰেলেৰে কৰা যাত্ৰাত তেওঁলোকৰ খাদ্য যোগান ধৰিছে ৰেল বিভাগে ।

একে সময়তে তেওঁ কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বহু পদক্ষেপ লৈছে ৷ইফালে বিগত সময়ছোৱাত এই শ্ৰমিকসকলৰ লগত বিভিন্ন ঘটনা সংঘটিত হৈছে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দিয়া নিৰ্দেশত কয় যে ৰাজ্য চৰকাৰে ৰেলৰ বাবে যেতিয়াই অনুৰোধ জনাব তেতিয়াই ৰেল বিভাগে ইয়াৰ ব্যৱস্থা কৰিব লাগিব ৷ প্ৰব্ৰজিত শ্ৰমিকৰ পৰা কোনো ৰেল অথবা বাছৰ ভাড়া ল’ব নোৱাৰিব ৷এই ভাড়া আদায় দিব লাগিব ৰাজ্য চৰকাৰসমূহে ৷ দ্বিতীয় গুৰুত্বপূৰ্ণ নিৰ্দেশটো হৈছে আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক সেই সংশ্লিষ্ট চৰকাৰসমূহে খাদ্যৰ যোগান ধৰিব লাগিব ৷ আৰু এই ক্ষেত্ৰত জাননী জাৰি কৰিব লাগিব তথা ৰাজহুৱা কৰিব লাগিব ৷ তদুপৰি উচ্চতম ন্যায়ালয়ে নিৰ্দেশত কয় যে ৰেলযাত্ৰাৰ আৰম্ভণিত যিখন ৰাজ্যৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলে যাত্ৰা কৰিব সেইখন ৰাজ্যই খাদ্য পানীৰ যোগান ধৰিব লাগিব ৷

ইপিনে নাম পঞ্জীয়নৰ পিছত নিশ্চিত কৰিব লাগিব যাতে শ্ৰমিকসকলে সোনকালে যাত্ৰা কৰিব পাৰে ৷ শ্ৰমিকসকলৰ দ্ৰুত যাত্ৰাৰ ব্যৱস্থাৰ বাবে উচ্চলম ন্যায়ালয়ে নিৰ্দেশ দিয়ে ৷ যিসকল শ্ৰমিকে বাটে পথে ঘূৰি ফুৰিছে তেওঁলোকক আশ্ৰয় শিবিৰলৈ নিব লাগিব ৷ আৰু খাদ্যকে ধৰি সকলো সুবিধা দিব লাগিব । উচ্চতম ন্যায়ালয়ৰ তিনিজন ন্যায়াধীশে আদালতত শুনানি পিছত কয় যে প্ৰধান সমস্যা হ’ল প্ৰব্ৰজিত শ্ৰমিকসকলক ঘৰলৈ পঠিওৱা আৰু তেওঁলোকক খাদ্যৰ যোগান ধৰা ৷ ইয়াৰ পাছতে ৰেলৰ ভাড়াসহ একাধিক নিৰ্দেশ দিয়ে ৷ এই শুনানি গ্ৰহণ কৰে ন্যায়াধীশ আশোক ভূষণ, ন্যায়াধীশ এছ কে ক’ল আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ যৌথ বিচাৰপীঠে ৷

Exit mobile version