চীনৰ স’তে সীমান্তত উদ্ভৱ হোৱা সংঘাতক লৈ সম্প্ৰতি মন বেয়া হৈ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৷ ট্ৰাম্পে মোদীৰ সন্দৰ্ভত শেহতীয়াভাৱে কৰা এই মন্তব্যৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতে স্পষ্ট কৰি কয় যে সদ্যহতে মাৰ্কিন ৰাষ্ট্ৰপতিৰ স’তে মোদীৰ কোনো যোগাযোগ হোৱা নাই আৰু দুয়োজন নেতাই যোৱা এপ্ৰিলতে অন্তিমবাৰৰ বাবে বাৰ্তালাপ কৰিছিল । চৰকাৰী সূত্ৰৰ ব্যক্তব্য অনুসৰি যোৱা চাৰি এপ্ৰিলত মোদী আৰু ট্ৰাম্পে ফোনত অন্তিমবাৰৰ বাবে বাৰ্তালাপ কৰিছিল । আৰু এই বাৰ্তালাপৰ বিষয় আছিল কৰ’না ৰোগত ব্যৱহৃত হাইড্ৰ’ক্সিক্ল’ৰকুইন দৰৱ । উল্লেখযোগ্য যে ভাৰত চীনৰ মাজত দেখা দিয়া সংঘাতৰ সমাধানৰ ক্ষেত্ৰত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে অলপতে মধ্যস্থতা কৰাৰো প্ৰস্তাৱ দিছিল ৷ ভাৰতে ট্ৰাম্পৰ মধ্যস্থতাৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ পাছত চীনেও মাৰ্কিন ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ বিৰোধিতা কৰে ৷ ট্ৰাম্পে শেহতীয়াভাৱে মোদীৰ স’তে ফোনেৰে বাৰ্তালাপ কৰা বুলি দাবী কৰিছিল যদিও ভাৰতে এই কথা অস্বীকাৰ কৰি স্পষ্টভাৱে কয় যে চাৰি এপ্ৰিলৰ পাছৰ পৰা ট্ৰাম্পৰ স’তে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কোনো যোগাযোগ নাই।
চীনক লৈ মন বেয়া মোদীৰঃ দাবী ট্ৰাম্পৰ
-
By publisher

- Categories: COVID-19, India, News, world
- Tags: CHAINACovid-19DONALD TRUMPNarendra Modi
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026