শতায়ু গৰকা মাৰ্কিন মহিলাই পৰাজিত কৰিলে কৰ’নাক

bo

সমগ্ৰ বিশ্বজুৰি বহু বয়োজ্যেষ্ঠ লোকে কৰ’না ভাইৰাছক পৰাজিত কৰি পুনৰ শ্বাভাৱিক জীৱনলৈ উভতি আহিছে । এই সকলৰ মাজত শতায়ু গৰকাও বহু সংখ্যক লোক আছে । এনে বহু লোকৰ খবৰ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াৰ মাধ্যমত বিশ্ববাসীৰ সন্মুখলৈ আহিছে;কিন্তু শেহতীয়া কৈ যিগৰাকী শতায়ু গৰকা মহিলাৰ খবৰ সন্মুখলৈ আহিছে তেনে কাহিনী সম্ভৱতঃ এতিয়ালৈ শুনিবলৈ অথবা দেখিবলৈ পোৱা হোৱা নাছিল । কৰ’নাক পৰাজিত কৰাৰ পাছত ১০৩ বছৰ বয়সীয়া এইগৰাকী আইতাই নাৰ্ছিংহোমৰ বিছনাতেই চুমুক দিয়ে বীয়েৰৰ বটলত । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাচাচুচেটছ মহানগৰীৰ জেনি ষ্টেনা নামৰ মহিলাগৰাকীক অসুস্থতাৰ হেতুকে নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় । চিকিৎসকে জেনি ষ্টেনাক যেতিয়া ক’ভিড -১৯ পজিটিভ বুলি জনায় সেই সময়ত মহিলাগৰাকীয়ে বুজিব পৰা নাছিল কৰ’না আচলতে কি । ইয়াৰ পাছত তেওঁৰ চিকিৎসা আৰম্ভ হয় ।

কৰ’নাৰ বিৰুদ্ধে যুঁজ কৰি তিনি সপ্তাহৰ ভিতৰতে সুস্থ হৈ উঠিল জেনি । নাৰ্ছিং হোমত ৩৩গৰাকী কৰ’না আক্ৰান্তৰো চিকিৎসা চলি আছিল । নাৰ্ছিং হোমত কৰ’না আক্ৰান্ত হৈ ভৰ্তি হোৱা সকলৰ ভিতৰত প্ৰথমে সুস্থ হৈ উঠে জেনি ষ্টেনা । অৱশ্যে নাৰ্ছিং হোমত এটা সময়ত জেনিৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ হৈছিল । সেই সময়ত জেনিৰ আত্মীয়সকলক নাৰ্ছিং হোম কৰ্তৃপক্ষই শেষ সাক্ষাতৰ বাবে পঠিয়াইছিল । আত্মীয় সকলক শেষবাৰৰ বাবে জেনিৰ স’তে কথা-বাৰ্তা হ’বলৈকো কোৱা হৈছিল । কিন্তু পৰিয়ালৰ সদস্য তথা চিকিৎসক সকলক অবাক কৰি ক্ৰমে সুস্থ হৈ উঠে জেনি । অৱশেষত নাৰ্ছিং হোম কৰ্তৃপক্ষই জেনি কৰ’না মুক্ত হোৱা বুলি ঘোষণা কৰে । জেনি সুস্থ হৈ উঠাৰ পাছত নাৰ্ছিং হোমৰ কৰ্মীসকলে আনন্দ উদযাপন কৰে । এই আনন্দৰ সময়তে জেনিয়ে কি খাবলৈ বিচাৰে নাৰ্ছিংহোমৰ কৰ্মীসকলে জানিবলৈ বিচাৰে । জেনিয়ে এবটল বীয়েৰ বিচাৰিলে । কথামতে জেনিক আনি দিয়া হ’ল এবটল ঠাণ্ডা বীয়েৰ।জেনিয়ে স্বয়ং সশব্দে সেই বীয়েৰৰ বটল খুলি চুমুক দিয়ে । জেনিৰ এই বিৰল মুহূৰ্ত বন্দী হৈ ৰয় কেমেৰাত । পাছত ছবিখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হয় । স্বাভাৱিকতে কম সময়ৰ ভিতৰতে ভাইৰেলো হৈ পৰে ছবিখন ।

Exit mobile version