কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক সমাধিস্থ কৰিবলৈ অৱশেষত ভাৰততো খন্দা হ’ল গণকবৰ । দেশৰ বাণিজ্য নগৰী মুম্বাইত খন্দা হৈছে এই গনকবৰ । অৱশ্যে চৰকাৰী ভাৱে এই কথাৰ বৰ্তমানলৈ নিশ্চিত কৰা হোৱা নাই । মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইৰান, ইটালী আদি দেশত কৰ’নাত মৃত্যু হোৱা সকলক গণকবৰ খান্দি সমাধিস্থ কৰা সকলোৱে দেখিছে যদিও ভাৰততো এদিন গণকবৰ খান্দিব লগা হ’ব বুলি সপোনতো ভবা নাছিল দেশবাসীয়ে । সময় যিমানেই আগবাঢ়িছে ভাৰতত কৰ’না বিৰুদ্ধে আৰম্ভ কৰা যুঁজখন অধিক কঠিন হৈ গৈ আছে । দেশৰ ভিতৰতে পৰিস্থিতিৰ সবাতোকৈ অৱনতি ঘটিছে মুম্বাইত । ক্ষণে ক্ষনে মহানগৰ খনত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা।সেয়েহে গণকবৰ খন্দাৰ বাহিৰে মুম্বাই প্ৰশাসনৰ ওচৰত বৰ্তমান আন বিকল্প প্ৰায় বন্ধ হৈ পৰিছে । মুম্বাই প্ৰশাসনে স্থানীয় মেৰিন লাইনত খন্দা এটি গণকবৰত ২০জন কৰ’না মৃতকক সমাধিস্থ কৰিছে । মুম্বাই প্ৰশাসনে এই সন্দৰ্ভত বৰ্তমানলৈ মুখ বন্ধ ৰাখিলেও গণকবৰৰ কথা ইতিমধ্যে ফাদিল হৈছে । দেশৰ ভিতৰতে কৰ’না সংক্ৰমিতৰ সংখ্যা বৰ্তমান মহাৰাষ্ট্ৰতে অধিক ।
ক’ভিড -১৯য়ে এফালৰ পৰা গ্ৰাস কৰি নিছে ৰাজ্যখনক । আক্ৰান্তৰ সংখ্যাই ৫৭হেজাৰৰ সংখ্যা স্পৰ্শ কৰিছে । মৃত্যু হৈছে ১৮৯৭ গৰাকীৰ । দেশৰ কৰ’না আক্ৰান্তৰসকলৰ ভিতৰত এক তৃতীয়াংশই মহাৰাষ্ট্ৰৰ বাসিন্দা । ইয়াৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে মুম্বাই । দ্বিতীয় স্থানত আছে পুণে । কেৱল মুম্বাইতে কৰ’নাত আক্ৰান্ত হৈছে ৩৪হেজাৰৰো অধিক লোক । মৃত্যু হৈছে ১০৯৭জনৰ । ইয়াৰ মাজতে এজন বিজেপি নেতাৰ এটা টুইট ভাইৰেল হৈ পৰিছে । টুইটটোত দিয়া ছবিত দেখিবলৈ পোৱা গৈছে হাস্পতালৰ বাৰাণ্ডাত জমা হৈ থকা মৃতদেহৰ দ’ম । বিজেপি বিধায়ক নীতিশ ৰাণেই ইয়াৰে এখন ছবি টুইট কৰি সেইখন কিং এডৱাৰ্ড মেম’ৰিয়েল হাস্পতালৰ বুলি দাবী কৰিছে । ছবিখনত হাস্পতালৰ বাৰাণ্ডাত শাৰী শাৰী ষ্ট্ৰেচাৰত ৰখা মৃতদেহ দেখা গৈছে; কিন্ত ছবিখন দেখি এই কথা নিশ্চিত ভাৱে ক’ব নোৱাৰি যে মৃতদেহ থকা বাৰাণ্ডাখন হাস্পতাল কর্তৃপক্ষই জনসাধাৰণৰ বাবে ব্যৱহাৰ কৰে নে অব্যৱহৃত কোনো স্থানৰ । ইয়াৰ পাছতে আজি পোহৰলৈ আহে মুম্বাইত গণকবৰ খন্দাৰ খবৰ । বিষয়টোত চৰকাৰী ভাৱে মৌনতা অৱলম্বন কৰিলেও মুম্বাইত গণকবৰ খন্দাৰ খবৰে মহানগৰখনৰ বাসিন্দাসকলক অধিক আতংকিত কৰি তুলিছে।