মৃত্যুৰ সংখ্যাত চীনতকৈ আগত ভাৰত

coronavirus4m utz5jt

কঠোৰ তলাবন্ধ সত্বেও দেশত দিনে দিনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’না আক্ৰান্তৰ পৰিসংখ্যাই ৷ বিগত ২৪ ঘন্টাত অভিলেখ সংখ্যক এই পৰ্যন্ত সৰ্বাধিক সাত হেজাৰৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ প্ৰথমবাৰৰ বাবে দেশত এইবাৰ সাত সহস্ৰাধিক লোক আক্ৰান্ত হোৱাত স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি হৈছে । বিগত সাত দিন ধৰি একেৰাহে ছহেজাৰৰ অধিক লোক আক্ৰান্ত হৈছে । ইপিনে যোৱা ২৪ ঘন্টাত ভাৰতত ১৭৫ জনৰ মৃত্যু হৈছে ৷এই পৰ্যন্ত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৭২,৩২২ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰে। ইপিনে ক’ভিড১৯ত মুঠ আক্ৰান্তৰ সংখ্যাত ভাৰতে চীন আৰু ইৰানক বহু পূৰ্বেই অতিক্ৰম কৰিছিল । আজি ২৪ ঘন্টাত অভিলেখ সংখ্যক লোক সংক্ৰমিত হোৱাৰ পাছত তুৰস্কক পাছ পেলাই বিশ্বৰ ১০ খন দেশৰ ভিতৰত নৱম স্থানলৈ আহিল ভাৰত ৷

কৰ’না আক্ৰান্তৰ পৰিসংখ্যাত আমেৰিকা,ব্ৰাজিল,ৰাছিয়া,ব্ৰিটেইন,স্পেইন,ইটালী,ফান্স,জাৰ্মানীৰ পাছতে আছ ভাৰত ৷ তদুপৰি মৃতকৰ সংখ্যাতো ভাৰতে চীনক চেৰ পেলালে ৷ ভাৰতত আজি পৰ্যন্ত ৪,৯৫৬ জনৰ মৃত্যু হৈছেো৷চীনত মুঠ মৃতকৰ সংখ্যা ৪,৬৩৮ জন । জন হপকিন্স বিশ্ববিদ্যালয়ে এই পৰিসংখ্যা প্ৰকাশ কৰিছে৷দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত ৷ৰাজ্যখনত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা কোনো লক্ষণ নাই । পৰিৱৰ্তে দিনে দিনে এই ভয়াৱহ আকাৰ ধাৰণ কৰিছে ৷দেশৰ মায়ানগৰী খ্যাত মুম্বাইত ৩৫ হেজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ৷ দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে তামিলনাডু ৷ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ২০,২৪৬ জন ৷ ইয়াৰ পাছতে আছে দেশৰ ৰাজধানী দিল্লী ৷ ইয়াত আক্ৰান্তৰ সংখ্যা হৈছে ১৭,৩৮৬ জন । ইয়াৰ পাছতে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তেলেংগানা, পঞ্জাৱ, জম্মু কাশ্মীৰ, ওড়িছা আৰু কেৰালা। অৱশ্যে সংক্ৰমণ বৃদ্ধিৰ লগে লগে সুস্থ হৈ উঠাৰ হাৰ সন্তোষজনক বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে তথ্য প্ৰকাশ কৰে ।

Exit mobile version