পাকিস্তানত প্ৰতি কিলোগ্ৰাম কাকতি ফৰিং সম্প্রতি ২০ ৰুপিকৈ দৰত বিক্ৰী হৈছে । দেশখনৰ বিভিন্ন জিলাত স্থানীয় প্ৰশাসনে ফৰিং ধৰিবলৈ একাধিক কার্যপন্থা গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত পাকিস্তানৰ ওকাৰা জিলাত প্ৰশাসনে কাকতি ফৰিংৰ যন্ত্ৰণাৰ পৰা ৰক্ষা পাবলৈ জাল লৈ ফৰিং ধৰিবলৈ হাতে-কামে লাগিছে । ধৰিবলৈ সক্ষম হোৱা ফৰিং হাঁহ কুকুৰাৰ উচ্চ প্ৰটিন যুক্তখাদ্য বনোৱাত ব্যৱহাৰ কৰা হৈছে । ফৰিংৰ প্ৰক্ৰিয়াকৰণ কৰি কুকুৰাৰ খাদ্য প্ৰস্তুতৰ বাবে নতুন এক প্ৰকল্প হাতত লৈছে ।
পাকিস্তানৰ খাদ্য সুৰক্ষা তথা গৱেষণা মন্ত্ৰণালয়ৰ বিষয়া মহম্মদ খুৰছিদ আৰু পাকিস্তান কৃষি গৱেষণা কাউন্সিলৰ জৈৱ-প্ৰযুক্তিবিদ জোহৰ আলীয়ে খাদ্য প্ৰস্তুতৰ এই প্ৰকল্পৰ আৰম্ভ কৰিছে । এই সন্দৰ্ভত জোহৰ আলীয়ে কয় যে কোনেও ভবা নাছিল মানুহে ফৰিং ধৰি এদিন বিক্ৰী কৰিব পাৰিব । এই কাম আমি যেতিয়া প্রথম আৰম্ভ কৰিছিলো সেই সময়ত আমাক উপহাস কৰা হৈছিল।” আনহাতে, মহম্মদ খুৰছিদে কয়, ‘আমি য়েমেনৰ এটি ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ফৰিং মাৰিবলৈ এই প্ৰকল্প গ্ৰহণ কৰো।’