প্ৰসংগঃ কৰ’না ভাইৰাছ

WhatsApp Image 2020 06 01 at 9.35.55 PM

যোৰহাট মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৭ জন কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈ উঠা ৰোগীক আজি  ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ৷ এই সময়ত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জি কৰাটীৰ উপস্থিতিত তেওঁলোকক ফুলাম গামোছাৰে কৰ’না জয় কৰাৰ কাৰণে অভিনন্দন জনায়৷ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৭জন ৰোগী হ’ল বিতু দাস (২৫), বন্তি শইকীয়া (৪৫), গোবিন লামা(২৬), জান বড়ি(২২),জাচিন্তা ছবৰ(২২), ললিত লামা(২২)আৰু টিপেশ্বৰ বৰা(৩৯) ৷

উল্লেখযোগ্য যে আটাইকেইজনেই গোলাঘাট জিলাৰ আৰু যোৱা ২৭ মে’ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিল ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ তৎপৰতা আৰু চিকিৎসক- নাৰ্চসকলৰ পৰিচৰ্যাৰ ফলত আটাইকেইজন ৰোগীয়ে  আৰোগ্য লাভ কৰিছে ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁলোকক আজি সন্ধিয়া ঘৰলৈ যাবলৈ দিয়া হয়৷ আনহাতে প্ৰথমবাৰ টেষ্ট কৰোতে দেহত ক’ভিড-১৯ পজিটিভ  পোৱা গৈছিল যদিও পিছৰ কেইবাৰ ৭ জন ৰোগীৰে একেৰাহে নিগেটিভ ৰিজাল্ট পোৱা যায়৷ বিদায় মূহুৰ্তত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ  অতুল বড়ো,অধীক্ষক পূৰ্নিমা বৰুৱাৰ লগতে স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

Exit mobile version