শতাধিক আসন লৈ পৰৱৰ্তী চৰকাৰ গঠনৰ লক্ষ্য বিজেপি মিত্ৰজোঁটৰ

Ranjit Das

দিছপুৰৰ মিত্ৰজোঁট চৰকাৰে ৰাইজক প্ৰতাৰণা কৰা নাই আৰু সেইবাবে ২০২১ ৰ নিৰ্বাচনৰ জৰিয়তেও ৰাজ্যৰ শাসনলৈ আহিব পৰাকৈ জনসাধাৰণৰ সহযোগিতা বিচাৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷ কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু অসম চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক সংবাদমেলত সভাপতিজনে কয়, “আমাৰ লক্ষ্য হ’ল এশতকৈ অধিক আসন দখল কৰা ৷ আমি সেই লক্ষ্যত উপনীত হ’ম । আমি আগন্তুক দিনতো ৰাইজৰ সেৱা কৰিব বিচাৰো ৷ তাৰ বাবে আমাৰ দলৰ ৪২ লাখ কৰ্মকতাই ৰাইজৰ লগত লৈ ৰাইজৰ হকে আগবাঢ়ি যাব ৷ এই যাত্ৰাত বিজেপিৰ শ্ল’গান আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল অসম গঢ়া হ’ব বুলি সভাপতিজনে সদৰী কৰে । এই প্ৰসংগতে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বিটিচি নিৰ্বাচন ৰাজ্যপালে স্থগিত ৰখাক লৈ বিপিএফে সংগ এৰাৰ ভাবুকি দিয়াৰ পাছত বিধান সভা নিৰ্বাচনত দলটোৰ লগত মিত্ৰতা থাকিবনে বুলি সংবাদমেলত সাংবাদিকে প্ৰশ্ন উত্থাপন কৰে ৷

আনহাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বৰ্ষপুৰ্তিক আলম কৰি আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভতো সভাপতি দাসে তথ্য সদৰী কৰে ৷ তেওঁ কয় যে দুয়োখন চৰকাৰে যোৱা দিনকেইটাত এটাৰ পাছত আনটো উল্লেখযোগ্য কাৰ্য সম্পাদনা কৰিবলৈ সক্ষম হৈছে । কেন্দ্ৰীয় চৰকাৰৰ সফলতাৰ উদাহৰণ হিচাপে কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ,নাগৰিকত্ব সংশোধনী আইন সংশোধন, শ্ৰমিক কৃষক মহিলা দৰিদ্ৰ জনসাধাৰণৰ বাবে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ, তলাবন্ধৰ বাবে ভাৰতীয় অৰ্থনীতি ভাঙি নপৰিবলৈ ২০ লাখ কোটি টকাৰ পেকেজ, এম জি এনৰেগাৰ মজুৰি আদি দাঙি ধৰে ৷ তেনেদৰে অসম চৰকাৰৰ সফলতা হিচাপে অসম লোকসেৱা আয়োগত সংঘটিত দুৰ্নীতি বন্ধ কৰা, গড় হত্যা ৰোধ কৰা, বড়ো শান্তি চুক্তি, ধৰ্ষণৰ গোচৰ দ্ৰুত আদালতৰ দ্বাৰা বিচাৰ কৰা,বন ধৰ্বংস ৰোধ কৰা আদি উদাহৰণ দাঙি ধৰা হয় । বিজেপিয়ে ৰাইজক প্ৰতাৰণা নকৰা বুলি দাবী কৰা সভাপতিজনে কয় যে দলৰ একাংশ বিধায়ক কয়লাৰ অবৈধ সৰবৰাহৰ লগত জড়িত থকাৰ যি অভিযোগ উত্থাপিত হৈছে সেয়া তেওঁ আনুষ্ঠানিকভাৱে লাভ নকৰিলেও দলৰ তিনিজন নেতা ক্ৰমে জয়ন্তমল্ল বৰুৱা, ৰূপম গোস্বামী আৰু পবিত্ৰ মাৰ্ঘেৰিটাক সকলো কথাৰ বুজ লৈ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

Exit mobile version