তামিলনাডুত চুলি কটাবলৈ গ’লে থাকিব লাগিব আধাৰ কাৰ্ড

hair

এতিয়াৰে পৰা চেলুন,পাৰ্লাৰ আদিত চুলি দাড়ি কটাবলৈ হ’লে আপুনি প্ৰদৰ্শন কৰিব লাগিব নিজৰ আধাৰ কাৰ্ড ৷তামিলনাডুত ৰাজ্য চৰকাৰে এই নিয়ম প্ৰৱতন কৰিছে ৷

ক’ভিড১৯ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্য চৰকাৰখনে সকলো চেলুন,বিউটী পাৰ্লাৰ তথা অন্যান্য সৌন্দৰ্য চৰ্চা কেন্দ্ৰসমূহক গ্ৰাহকৰ এখন পঞ্জীয়ন বহী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এই বহীত গ্ৰাহকৰ আধাৰ নম্বৰসহ প্ৰয়োজনীয় সকলো তথ্যপাতি লিপিবদ্ধ কৰিবলৈ নিয়ম বান্ধি দিছে ৷

এই নিৰ্দেশনা জাৰিৰ ফলত এতিয়াৰে পৰা তামিলনাডুৰ সকলোবোৰ চেলুন,বিউটী পাৰ্লাৰ,স্পা চেন্টাৰত গ্ৰাহকৰ নাম,ঠিকনা,ম’বাইল নম্বৰ আৰু আধাৰ কাৰ্ডৰ বিৱৰণ নিৰ্দিষ্ট পঞ্জীয়ন বহীত লিপিবদ্ধ কৰিব লাগিব।

Exit mobile version