২৫ বছৰে বিনা বেতনে শিক্ষকতা কৰা পিতৃ-মাতৃৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে প্ৰীতিমণিয়ে

udalguri2

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাৰ এখন অপ্ৰাদেশিকীকৃত বিদ্যালয় পশ্চিম মাঝিকুছি জগন্নাথ হাইস্কুলৰ এগৰাকী ছাত্ৰী প্ৰীতিমণি কাকতিয়ে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে । ১৯৯৫ চন স্থাপিত ভেন্সাৰ স্কুল খনত সুদীৰ্ঘ ২৫ বছৰ কাল বিনা বেতনে শিক্ষকতা কৰি দুখৰ মাজতো আশাৰ ৰেঙণি দেখিবলৈ পাইছে ৷ কাৰণ এইখন বিদ্যালয়ৰে প্ৰধান শিক্ষক বুদ্ধিৰাম কাকতি আৰু ইংৰাজী বিষয়ৰ শিক্ষয়ত্ৰী ৰুক্মনী ভৰাঁলীৰ একমাত্ৰ জীয়ৰী প্ৰীতিমনি কাকতিয়ে উক্ত বিদ্যালয়ৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২.৩৩% ডিষ্টিংচনলৈ উত্তীৰ্ণ হবলৈ সক্ষম হৈছে । বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী তামোলবাৰী(গৰমপাৰা) গাঁৱৰ নিবাসী প্ৰীতিমণি কাকতিয়ে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰি গোটেই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ।

কিন্তু দূৰ্ভাগ্যজনক যে প্ৰীতিমনিৰ পিতৃ মাতৃ দুয়োগৰাকী যোৱা ২৫ বছৰ ধৰি বিনা বেতনে পশ্চিম মাঝিকুছি জগন্নাথ হাইস্কুলত শিক্ষা দান কৰি আহিছে।যাৰ বাবে সন্তানক দিব পৰা নাছিল উপযুক্ত সা-সুবিধা। মাতৃ ৰুক্মনী কাকতিয়ে নিজে টিউচন কৰি জীয়ৰী প্ৰীতিমণিৰ প্ৰয়োজনীয় কিতাপ-পত্ৰ আদি যোগান ধৰিছিল। ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হোৱাৰ সপোন দেখা প্ৰীতিমণিৰ পিতৃ মাতৃয়ে এতিয়া থমকি ৰ’ব লগা হৈছে আৰ্থিক দৈন্যতাৰ বাবে।

উল্লেখ্য যে ২০১৫ত বিদ্যালয়খন প্ৰাদেশিকীকৰণৰ যোগ্য বুলি তালিকাত নাম অন্তৰ্ভুক্তি হোৱাৰ পিছতো কিন্তু অপ্ৰাদেশীকৃত হৈ ৰ’ল । যাৰ ফলত অন্যান্য বিদ্যালয়ৰ লগতে এই বিদ্যালয়ৰো মুঠ ৯ জন শিক্ষক-শিক্ষয়িত্ৰীয়ে অনিশ্চয়তাৰে কটাব লগা হৈছে জীৱন। সম্প্ৰতি প্ৰীতিমণিক উচ্চশিক্ষা প্ৰদানৰ কথা ভাবি থমকি ৰ’ব লগা হৈছে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ দুয়ো পিতৃ-মাতৃয়ে। লগতে বিদ্যালয়খন ৮ জনকৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে এতিয়াও জীৱন -জীৱিকাৰ বাবে সংগ্ৰাম কৰি থাকিব লগীয়া হৈছে । এতিয়া প্ৰশ্ন হৈছে বিত্ত তথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ব্যৱস্থা ল’ব নে এই অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ ক্ষেত্ৰত ?

Exit mobile version