অভি-নীল হত্যাকাণ্ডৰ দুবছৰ, আজিও ন্যায় নাপালে ভূক্তভোগী পৰিয়ালে

Abhi nil

সমগ্ৰ দেশ কঁপোৱা অভিজিৎ-নীল হত্যাকাণ্ডই আজি দুটা বছৰ অতিক্ৰম কৰিলে। নিজৰ পুত্ৰক হেৰুৱাই চকুৰ পানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হোৱা অভিজিৎ নাথৰ পিতৃ অজিত নাথ, নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে ন্যায় প্ৰাপ্তিৰ বাবে আইনী যুঁজ অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ন্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত মানসিকভাৱে ভাগি পৰিছে এই দুৰ্ভগীয়া‌ পৰিয়াল দুটা । উল্লেখ্য যে বিগত ২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অৰ্ন্তগত পাণজুৰি গাঁৱত সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুই যুৱক ক্ৰমে অভিজিৎ নাথ আৰু নিলোৎপল দাসক একাংশ দুষ্কৃতিকাৰীয়ে অতি নৃশংস ভাৱে হত্যা কৰা কৰিছিল।

এই ঘটনা সন্দৰ্ভত ডকমকা থানাত ৰুজু হোৱা ৩৩/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও অভি-নীলৰ অভিভাৱকৰ এক লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত গোচৰটি ডিফু আদালতৰ পৰিৱৰ্তে নগাঁও আদালতলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। সেই নিৰ্দেশনা অনুসৰিয়েই বিগত ২০১৮ বৰ্ষৰ ১৮ ছেপ্তেম্বৰত নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈ বৰাৰ আদালতত ৪৭ জন অভিযুক্তক হাজিৰ কৰোৱাৰ পিছত তেওঁলোকক নগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

আনকি, আন এগৰাকী অভিযুক্ত নাবালক হোৱাৰ বাবে তেওঁক যোৰহাট শিশু গৃহত প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত একে বৰ্ষৰ ১০ অক্টোবৰ পুনৰ ৪৭ জন অভিযুক্তক নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়ধীশ ৰীতা কৰৰ আদালতত হাজিৰ কৰোৱা হয়। যিহেতু নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালততে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল, সেয়েহে সেই দিনা ৪৭ জন অভিযুক্তকেই আদালতত হাজিৰ কৰোৱা হয়। স্মৰ্তব্য যে, গোচৰটোৰ মুঠ ৪৮ জন অভিযুক্ত আছিল যদিও ইয়াৰে এগৰাকী নাবালক হোৱা হেতুকে তেওঁৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইল জাষ্টিচ ব’ৰ্ডত চলোৱা হয় ।

ইয়াৰ পৰৱৰ্তী সময়ত একে বৰ্ষৰ ৮ নৱেম্বৰ, ২২ নৱেম্বৰ আৰু ১ ডিচেম্বৰত অভিযুক্ত কেইজনক নগাঁও আদালতত হাজিৰ কৰোৱা হৈছিল। গোচৰটোৰ অভিযোগনামা দাখিলৰ পাছত বিগত ২০১৯ বৰ্ষৰ ৫ জানুৱাৰীৰ পৰা প্ৰথম সাক্ষ্য গ্ৰহণৰ প্ৰক্রিয়া আৰম্ভ হৈছিল। আনকি, ২ আৰু ১৬ ফেব্ৰুৱাৰীতো শুনানী গ্ৰহণ কৰাৰ পিছৰে পৰা কেবাটাও শুনানী আৰু সাক্ষ্য গ্ৰহণ কৰা হৈছে।

মুঠতে অভিযোগ গঠন প্ৰক্ৰিয়াৰ পিছত বিগত সময়চোৱাত বৰ্তমানলৈকে ২১ গৰাকী লোকৰ সাক্ষী গ্ৰহণ কৰা হয় যদিও পৰৱৰ্তীকালত তিনিজন চাক্ষুস সাক্ষী ক্ৰমে নোমল বসুমতাৰী, উজ্বল মেছ আৰু দ্বীপেন ৰংপীয়ে আৰক্ষীৰ আগত দিয়া ভাষ্য আদালতত বাৰম্বাৰ সলনি কৰাত আদালত বিপাঙত পৰিব লগা হয়। সেই অনুসৰি, সংশ্লিষ্ট আদালতে তেওঁ লোকৰ ক্ৰছ একজামিনেছন কৰি হোষ্টেইল কৰিছিল। এই সময়ছোৱাতেই অভিযুক্ত পক্ষৰ অধিবক্তাই একাধিকবাৰ অভিযুক্তৰ জামিন আবেদন জনাইছিল যদিও আদালতে সেই আবেদন খাৰিজ কৰে।

তাৰোপৰি, অন্য দুজন অভিযুক্ত জুভেনাইল বুলি দাবী কৰি আদালতত দৰ্খাস্ত দাখিল কৰিছিল যদিও আদালতে সেই আবেদনৰ শুনানি গ্ৰহণৰ পিছত তাকো খাৰিজ কৰে। গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ দুবছৰীয়া কালত নগাঁও আদালতত বহু কেইটা শুনানি সম্পন্ন হয়। মনকৰিবলগীয়া যে গোচৰীয়া পক্ষৰ আবেদনৰ ভিত্তিত তেওঁলোকৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত অভিযুক্ত সকলৰ বিৰুদ্ধে সংশ্লিষ্ট আদালতে ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৩০২ আৰু ১৪৯ ধাৰা অতিৰিক্ত ভাবে আৰোপ কৰা হৈছিল। সম্প্ৰতি তলাবন্ধৰ বাবে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াত কিছু ব্যাঘাত জন্মিছে। ইয়াৰ পিছত ভুক্তভোগী পৰিয়ালটোৰ বাবে ন্যায় লাভৰ অপেক্ষাৰ বাহিৰে আৰু বিকল্প নাইকিয়া হৈছে। অনাগত সময়ত লক্ষ্যনীয় হ’ব অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কোন দিশে যায় !

Exit mobile version