- কৰ’না প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে দেশৰ বিভিন্ন ঠাইত সম্প্ৰতি আৱদ্ধ হৈ আছে শ্ৰমিকসকল ৷ আজি এই আৱদ্ধ শ্ৰমিকসকলৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিছে এক বিশেষ নিৰ্দেশ ৷
- বহিঃৰাজ্যত আৱদ্ধ লোকসকলক ১৫ দিনৰ ভিতৰত ঘৰলৈ পঠাব লাগিব ।
- লগতে তেওঁলোকৰ কৰ্মসংস্থাপনৰ আঁচনি ল’ব লাগিব ৷
- আদালতে কয় প্ৰবাসী শ্ৰমিকসকলৰ বিৰুদ্ধে তলাবন্ধ উলংঘা কৰাৰ সকলো গোচৰ পুনৰ বিবেচনা কৰিব লাগিব ৷
- কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰবাসী শ্ৰমিকসকলক চিনাক্ত কৰাৰ কাৰণে এখন তালিকা প্ৰস্তুত কৰিবলৈ কয় ৷
- ন্যায়াধীশ আশোক ভূষণ,সঞ্জয় কৃষাণ কোল আৰু এম আৰ শ্বাহৰ এক বিচাৰপীঠে এই শুনানি দিয়ে ।
- আদালতে কেন্দ্ৰক নিৰ্দেশ দিয়ে যে যদি ৰাজ্যসমূহে বিচাৰে তেন্তে অনাগত ২৪ ঘন্টাৰ ভিতৰত শ্ৰমিকসকলক ঘৰত উপস্থিত হ’বলৈ অতিৰিক্ত ৰেলৰ ব্যৱস্থা কৰিব লাগিব।
- ইপিনে এই সন্দৰ্ভত পৰৱৰ্তী শুনানি হ’ব জুলাইত।
- আনহাতে,২৮ মে’ত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি বহিঃৰাজ্যৰ শ্ৰমিকসকল নিজ ৰাজ্যলৈ বাছ বা ৰেলেৰে আহোতে সকলো ব্যয় বহন কৰিব চৰকাৰে।
- লগতে শ্ৰমিকসকলৰ খাদ্য আৰু পানীৰ যোগানো ধৰিব ৰাজ্য চৰকাৰে ৷
ADVERTISEMENT