তবলিগিসকলৰ ‘ভুল’ৰ পৰা শিক্ষা দিল্লীৰ নিজামুদ্দিন দৰগাহৰ

muslimharji sufiphotoessay187080bb

ক্ৰমান্বয়ে তলাবন্ধ শিথিল কৰিছে কেন্দ্ৰীয় চৰকাৰে । এই শিথিলকৰণৰ ভিত্তিতে কালিৰে পৰা দেশত সকলোবোৰ ধৰ্মীয় অনুষ্ঠান বা উপাসনা গৃহ মুকলি হৈছে । কেতবোৰ নীতি-নিয়ম পালন কৰি উপাসনাস্থলী খোলাৰ অনুমতি প্ৰদানৰ পাছত দেশৰ সকলোবোৰ ধৰ্মীয় অনুষ্ঠানেই খুলিছে । তৎসত্বেও ব্যতিক্ৰম দেখা গৈছে দিল্লীৰ নিজামুদ্দিন দৰগাহত । পৰিচালনা সমিতিৰ সিদ্ধান্ত অনুসৰি দৰগাহৰ দ্বাৰ মুকলি কৰা নাই এই ক্ষেত্ৰত অতীতৰ ভুলৰ পৰা শিক্ষা লোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণৰ ইংগিত পোৱা গৈছে দৰগাহ কৰ্তৃপক্ষৰ ভাষ্যত । দৰগাহৰ কৰ্তৃপক্ষৰ মতে, তবলিগি জামাতৰ সমাবেশৰ পৰাই যথেষ্ট শিক্ষা হৈছে।নতুনকৈ তেওঁলোকে আন কোনো বিতৰ্কত জড়িত হ’বলৈ কোনোপধ্যে ৰাজি নহয় । সেয়ে চৰকাৰী অনুমতি লাভ কৰিলেও তেওঁলোকে দৰগাহৰ দুৱাৰ মুকলি কৰা নাই ।

নিজামুদ্দিন দৰগাহৰ প্ৰায় গাতে লাগি আছে তবলিগি জামাতৰ মুখ্য কাৰ্যালয় মাৰ্কাজ । মাৰ্চৰ মাজভাগত ইয়াতেই সম্পন্ন হৈছিল ধৰ্মীয় সংগঠনটোৰ তবলিগি জামাত বা সমাবেশ । এই আন্তৰ্জাতিক সভাত ভিৰ কৰিছিল সহস্ৰাধিক জামাতীয়ে । পৰৱৰ্তী সময়ত জামাতী সদস্যসকলৰ ক’ভিড পৰীক্ষা কৰোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্বেগজনক গতিৰে আক্ৰান্ত লোকৰ খবৰ পোহৰলৈ আহে উক্ত সমাবেশত অংশ লোৱা আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহাসকলৰে কৰ’না পৰীক্ষাৰ ফলাফল পজিটিভ আহিছিল । নিশাৰ ভিতৰতে দেশৰ অন্যতম ‘ক’ভিড হটস্পট ‘ত পৰিণত হয় মাৰ্কাজ ।

যাৰ ফলত প্ৰবল বিতৰ্কৰ সূত্ৰপাত হয় আৰু সমগ্ৰ দেশ উত্তাল হৈ পৰে । আনকি সাম্প্ৰদায়িক তথা হিংসাত্মক মনোভাৱৰ অসংখ্য মতামত সামাজিক মাধ্যমত বিয়পি পৰিছিল । অদূৰ অতীতৰ এই ঘটনাৰ পৰাই শিক্ষা লৈছে নিজামুদ্দিন দৰগাহ কৰ্তৃপক্ষই অহা ৩০ জুনৰ পাছতহে দৰগাহৰ দুৱাৰ খোলাৰ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব দৰগাহ কৰ্তৃপক্ষই । কমিটীৰ সূত্ৰই জনাইছে যে জুলাইৰ আগত দৰগাহ খোলাৰ কোনো আশাই দেখা নাই তেওঁলোকে ।

Exit mobile version