পিগকাচো: এটি গাহৰিও হ’ব পাৰে চিত্ৰশিল্পী

IMG 20200610 210019

চিত্ৰশিল্পীগৰাকীৰ নাম ‘পিগকাচো’ শেহতীয়াকৈ বিশ্বৰ নাম থকা চিত্ৰশিল্পী সকলৰ দৃষ্টিত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে পিগকাচোৱে । প্ৰায় দুই-তিনি লাখ টকাত বিক্ৰী হ’বলৈ লৈছে পিগকাচোৱে অংকন কৰা একোখন পেইন্টিং। কিন্ত শুনিবলৈ আচৰিত যেন লাগিলেও এই কথা সঁচা যে পিগকাচো কোনো মানৱ নহয় । পিগকাচো এটি চাৰি বছৰ বয়সৰ গাহৰিহে । ২০১৬ চনত কচাইখানাৰ পৰা চাৰি সপ্তাহ বয়সৰ কণমানি গাহৰিৰ এটি পোৱালিক ঘৰলৈ আনিছিল এগৰাকী মহিলাই । মহিলাগৰাকীৰ বৃত্তি আছিল চিত্ৰ অংকন কৰা । মহিলাগৰাকীৰ লগৰ থাকোতেই এদিন হঠাৎ ৰং লগোৱা এডাল তুলিকা মুখেৰে উঠাই লয় গাহৰিটোৱে । এটা সময়ত সন্মুখত থকা এখন কেনভাচত ৰং থকা তুলিকাডালেৰে আঁক-বাঁক কৰিবলৈ আৰম্ভ কৰে কনমানি গাহৰিটোৱে । ৰং -তুলিকাৰ প্ৰতি এনে আদৰ দেখি মহিলাগৰাকীয়ে গাহৰি টোৰ নাম ৰাখে ‘পিগকাচো’।

এই পিগকাচোৱে অংকন কৰা একোখন পেইন্টিং লক্ষাধিক টকাত সম্প্ৰতি বিক্ৰী হ’বলৈ লৈছে । যি ঘটনাক লৈ ক্ষন্তেকৰ বাবে হ’লেও সকলোকে এবাৰ হ’লেও পিগকাচোক লৈ ভাবিবলৈ বাধ্য কৰিছে । পিগকাচো সম্প্ৰতি দক্ষিণ আফ্ৰিকাৰ কেপটাউনৰ পাশ্বৱৰ্তী ফ্ৰেন্সচেহে ফাৰ্ম অভয়াৰণ্যৰ সংলগ্ন অঞ্চলত জোয়ান লেফচনৰ লগত বসবাস কৰি আছে । পিগকাচোৱে অংকন কৰা বিশেষকৈ ‘এবষ্ট্ৰাক্ট আৰ্ট ‘ ধাৰাৰ পেইন্টিং বিলাকে বিশ্বৰ বহু শ্ৰেষ্ঠ চিত্ৰশিল্পীৰ পৰাও সমাদৰ বুটলিবলৈ সক্ষম হৈছে । সম্প্ৰতি বিশ্বৰ চিত্ৰশিল্পীসকলৰ জগতখনত পিগকাচোৰ যথেষ্ট নাম -যশ আছে ।

পিগকাচোৱে অংকন কৰা এখন পেইন্টিং যোৱা বছৰ চাৰি হেজাৰ মাৰ্কিন ডলাৰত বিক্ৰী হয় । পিগকাচোৰ এনে জনপ্ৰিয়তা দেখি এবছৰ পূৰ্বে ছুইজাৰলেণ্ডৰ বিখ্যাত ঘড়ী প্ৰস্তুতকাৰী কোম্পানী ‘স্বোয়াচ’ৰ পৰা ‘ফ্লাইং পিগ বাই মিচ পিগকাচো’ নামৰ লিমিটেড এডিছনৰ ঘড়ীও বজাৰত মুকলি কৰা হৈছিল । যোৱা বছৰ কেপটাউনত পিগকাচোৱে অংকন কৰা ‘এবষ্ট্ৰাক্ট আৰ্ট ‘ ধাৰাৰ পেইন্টিঙৰে এখন বিশেষ প্ৰদৰ্শনীৰো অনুষ্ঠিত কৰা হৈছিল । প্ৰদৰ্শনীখনলৈ অহা দৰ্শকৰ উৎসাহ দেখি সকলোৱে বুজিবলৈ সক্ষম হৈছিল গাহৰিটোৰ নাম কিয় পিগকাচো ৰখা হৈছিল ।

Exit mobile version