জনতা ভৱনত ক’ভিড-১৯ ৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

■ ক’ভিড-১৯ ৰ নমুনা পৰীক্ষা অধিক বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।
■ কনটেইনমেণ্ট জ’ন, কোৱাৰেন্টাইন কেন্দ্ৰসমূহত স্বাস্থ্য বিভাগৰ নিৰ্দেশাৱলী যাতে সুনিশ্চিতভাৱে পালন কৰা হয় তাৰ বাবে        যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
■ গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন চহৰ সমূহত ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা আৰু এই সন্দৰ্ভত স্বাস্থ্য                বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সম্পৰ্কটো বৈঠকত বিতংভাৱে আলোচনা কৰা হয়।
■ ৰাজ্যৰ বাহিৰৰ পৰা অসমলৈ অহা লোকসকলৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাৱলী যাতে কঠোৰভাৱে বলবৎ কৰা হয়      সেই দিশত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

Exit mobile version