অভিধানত সলনি হ’ব বৰ্ণবাদৰ সংজ্ঞা

kenedi

আমেৰিকাৰ শীৰ্ষ অভিধান “দ্য আমেৰিকান ৰেফাৰেঞ্চ ডিকছনেৰী” ৰূপে খ্যাত মেৰিয়াম ৱেবষ্টাৰ কৰ্তৃপক্ষই সলনি কৰিব বৰ্ণবাদ শব্দৰ সংজ্ঞা ৷এগৰাকী কৃষ্ণাংগ যুৱতীৰ পৰামৰ্শত মেৰিয়াম ৱেবষ্টাৰ কৰ্তৃপক্ষই বৰ্ণবাদ শব্দটোৰ সংজ্ঞা পুৰ্ননিৰ্ধাৰণ ৰ সিদ্ধান্ত লৈছে ৷যুৱতীগৰাকীৰ মতে,যিসকল ভিন্ন বৰ্ণৰ মানুহ নিগ্ৰহৰ চিকাৰ হয় ৷

বৰ্তমানৰ সংজ্ঞাত সেয়া যথাযথভাৱে প্ৰতিফলিত হোৱা নাই ৷এক সংবাদমাধ্যমৰ বাতৰি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইৱা অংগৰাজ্যৰ ড্ৰেক বিশ্ববিদ্যালয়ৰ পৰা সদ্য স্নাতক যুৱতী কেনেডী মিচামে এই পৰামৰ্শ দিছিল ৷যুৱতীগৰাকীয়ে ১৮৪৭ ৰ পৰা অভিধান প্ৰকাশ কৰি এই শব্দৰ সংজ্ঞা পুনৰ নিৰূপণৰ পৰামৰ্শ দিয়ে ৷এই সন্দৰ্ভত কেনেডী কয় ” মই প্ৰধানকৈ তেওঁলোকক কৈছো যে তেওঁলোকে যাতে ইয়াত বিশেষ এটা গোষ্ঠীৰ বিৰুদ্ধে পদ্ধতিগত নিগ্ৰহৰ বিষয়টো অন্তভুৰ্ক্ত কৰে।

ৱেবষ্টাৰৰ ব্যৱস্থাপনা সম্পাদক পিটাৰ ছ’ক’লওস্কিয়ে শব্দটোৰ সংজ্ঞা পুননিৰ্ধাৰণ কৰা হ’ব বুলি নিশ্চিত কৰে ৷বেৱষ্টাৰত বৰ্ণবাদ শব্দৰ তিনিটা সংজ্ঞা আছে। ব্যৱস্থাপনা সম্পাদক ছ’ক’লওস্কিয়ে কয় “দ্বিতীয় সংজ্ঞাটোৰ স’তে কেনেডীয়ে দিয়া প্ৰস্তাৱিত সংশোধনীৰ মিল আছে। কিন্তু আমি আমাৰ পৰৱৰ্তী সংখ্যাত আৰু স্পষ্টকৈ সংজ্ঞাটো পুনৰ নিৰ্ধাৰণ কৰাৰ বিষয়টো নিশ্চিত কৰিম ।

বৰ্তমানৰ সংখ্যাত বৰ্ণবাদৰ দ্বিতীয় সংজ্ঞাত কোৱা হৈছে”বৰ্ণবাদ হৈছে এক মতবাদ বা ৰাজনৈতিক কৰ্মসূচী যি বৰ্ণবাদী চিন্তা ভাবনাত নিৰ্ভৰ কৰে তথা বৰ্ণবাদী চিন্তা ভাবনা কাৰ্যকৰী কৰাৰ বাবেই সৃষং। এয়া হৈছে বৰ্ণবাদী মনোভাবৰ ভিত্তিত সৃষ্টি হোৱা এক ৰাজনৈতিক বা সামাজিক ব্যৱস্থা। জৰ্জ ফ্লয়েড নামৰ এজন কৃষ্ণাংগ লোকক নিৰ্মমভাৱে হত্যা কৰাৰ পাছত আমেৰিকাসহ সমগ্ৰ বিশ্বতে ব্যাপক বিক্ষোভ আৰম্ভ হৈছে। তাৰেই ফলশ্ৰুতিতে এই পদক্ষেপ ৷আমেৰিকা,ব্ৰিটেইন আদিত সম্প্ৰতি অনেক বৰ্ণবাদী নেতা তথা একালৰ দায়ত্ব প্ৰথাৰ দাস ব্যৱসায়ীৰ ভাস্কৰ্য আদিও ভাঙি পেলোৱা হৈছে বা কৰ্তৃপক্ষই সেইবোৰ আঁতৰাই নিছে ।

Exit mobile version