প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা

kamrup containment

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ।আজি কামৰূপ মহানগৰ প্ৰশাসনে মহানগৰীৰ কে’বাটাও স্থানত কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে। ইয়াৰ ভিতৰত মহানগৰীৰ সৰুমটৰীয়া,গাৰোবস্তি,পাঞ্জাবাৰীৰ নবজ্যোতি নগৰ,জু তিনিআলি,গেমচ ভিলেইজ,আহোমগাঁও,ভৰলুমুখৰ নাৰায়ণ নগৰ,ভঙাগড়ৰ শ্ৰীমন্তপুৰ,বীৰুবাৰীৰ উদয়পুৰ,পল্টনবজাৰৰ সোলাপাৰা,পল্টনবজাৰ,উলুবাৰী,মালিগাঁৱৰ বৰ্লপাৰা,পাণ্ডুৰ ল’ক’ ক’লনী,পাণ্ডুৰ জয়মতী নগৰ,আঠগাঁৱৰ SGৰোডৰ সাগৰ এপাৰ্টমেণ্ট,বামুনীমৈদামৰ আকাশীনগৰ,বামুনীমৈদামৰ বি পি চলিহা নগৰ,হেঙেৰাবাৰী,সৰুমটিয়াৰ এচ বি আইৰ গেষ্ট হাউচ আদি ঠাইৰ অঞ্চলসমূহ কনটেইনমেন্ট জ’ন কৰা হৈছে। এই ঠাইসমূহত কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ কাৰণে সকলো ধৰণৰ পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিব লাগিব ৷

Exit mobile version