গুৱাহাটীত ক্ৰমে উদ্বেগজনক হাৰত বৃদ্ধি হৈছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা । ইয়াৰে বহুকেইজন লোক ক’ৰ পৰা কিদৰে সংক্ৰমিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত মহানগৰীখনত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে । স্বয়ং স্বাস্থ্যমন্তী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰিস্থিতি ক্ৰমে জটিল হৈ অহা বুলি আশংকা ব্যক্ত কৰিছে । কালি পৰ্যন্ত মহানগৰীৰ ২৫জন আক্ৰান্ত সংক্ৰমিত হোৱাৰ উৎস পোহৰলৈ অহা নাই বুলি মন্ত্ৰীজনে সদৰী কৰে । তেওঁৰ এই ঘোষণাৰ পাছতো একাধিক লোক ক’ভিডত সংক্ৰমিত হয় যাৰ কোনো ভ্ৰমণ আৰু আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ তথ্য নাই । আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে গুৱাহাটীত কণ্টেইনমেণ্ট জ’নৰ সংখ্যাও বৃদ্ধি পাইছে । আজিলৈ এনে জ’নৰ সংখ্যা ৮২টালৈ বৃদ্ধি হয় । কামৰূপৰ মহানগৰ জিলা প্ৰশাসনে দেওবাৰে একেলগে ১৫ টা স্থানক কন্টেইনমেন্ট জ’ন ঘোষণা কৰে ।
অৱশ্যে ইয়াৰে কিছুসংখ্যক কন্টেইনমেন্ট জ’ন আক্ৰান্তৰ চাৰিসীমাতেই আবদ্ধ আছে। উদাহৰণ স্বৰূপে যোৱা নিশা সাত গাওঁ আৰ থানাৰ অন্তৰ্গত বাঘৰবাৰিৰ এগৰাকী মহিলাৰ শৰীৰত কভিত-১৯ৰ উপস্থিতি ধৰা পৰে। মহিলাগৰাকী খানাপাৰাস্থিত ভিভান্তা তাজ হোটেলৰ সন্মুখৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল। শেহতীয়াকৈ মহিলাগৰাকী জ্বৰত ভোগাৰ উপৰি ক’ভিডৰ লক্ষণবোৰ তেওঁৰ শৰীৰত ফুটি উঠে । ফলত সন্দেহবশতঃ মহিলাগৰাকীয়ে নিজকে কোৱাৰেন্টাইন কৰাৰ উপৰি স্বাস্থ্য বিভাগকো তেওঁৰ অসুস্থতাৰ বিষয়ে অৱগত কৰিছিল। সেই অনুসৰি নমুনা পৰীক্ষা কৰাত তেওঁ ক’ভিডত আক্ৰান্ত হোৱাটো প্ৰমাণিত হয়। ইয়াৰ ফলত মহিলা গৰাকী বাস কৰা ঘৰতো কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হয় বুলি সাতগাওঁ আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে, তেওঁনো ক’ৰ পৰা সংক্ৰমিত হয় সেয়াও স্পষ্ট নহয়।
একেদৰে মহানগৰীত হোম কোৱাৰেন্টাইনত থকা বহিঃ ৰাজ্যৰ পৰা অহা কে’বাজনো লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাৰ পিছত সৰুমটৰীয়া, গাৰো বস্তি, সৰুমটৰীয়াস্থিত ভাৰতীয় ষ্টেট বেংকৰ অতিথিশালা, লালমাটিৰ ক্ৰিয়া গ্ৰাম, পঞ্জাবাৰীৰ নৱজ্যোতি নগৰ, জু-তিনিআলি, আহোমগাঁও, হেঙেৰাবাৰী, বামুণীমৈদামৰ বি পি চলিহা নগৰ, বামুণীমৈদামৰ আকাশী নগৰ, আঠগাঁৱৰ এছ জে পথত থকা সাগৰ এপাৰ্টমেণ্ট, পাণ্ডুৰ লকো কলনী, পাণ্ডুৰ জয়মতী নগৰ, ভৰলুমুখৰ নাৰায়ণ নগৰ, মালিগাঁৱৰ বৰিপাৰা, উলুবাৰী, পল্টন বজাৰৰ চোলাপাৰা, পল্টন বজাৰ, ভঙাগড়ৰ শ্ৰীমন্তপুৰ আৰু বিৰুবাৰীৰ উদয়পুৰৰ কে’বাটাও অঞ্চল কনতেইনমেণ্ট জন ঘোষণা কৰা হয়।
ইপিনে, মহানগৰীৰ জু-ৰ’ডস্থিত বিলাসী এপার্ট মেণ্ট স্পেনিছ গাৰ্ডেনত গুৱাহাটীত প্ৰথম জন ক’ভিডত আক্ৰান্ত লোক চিনাক্ত হৈছিল।এই এপার্টমেণ্টৰে দুজন বাসিন্দা ও নতুনকৈ আক্ৰান্ত হৈছে।অৱশ্যে সম্পৰ্কত পিতা-পুত্ৰ এই দুজন লোক চিকিৎসাৰ বাবে দিল্লীলৈ গৈ তাতেই আক্ৰান্ত হৈছে।দেওৰা উপাধিৰ পিতা-পুত্ৰদ্বয়ে যোৱা ২৬মে’ত দিল্লীলৈ গৈছিল । চিকিৎসাৰ উদ্দেশ্যে দিল্লীলৈ যোৱা দুয়োৰে শৰীৰত শেহতীয়াকৈ ক’ভিডৰ লক্ষণ ফুটি উঠাত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।এই পৰীক্ষাতে তেওঁলোক আক্ৰান্ত হোৱাটো পোহৰলৈ আহে।
আনহাতে, হাতীগাওঁ আৰক্ষীয়ে যোৱা ১০জুনত গ্ৰেপ্তাৰ কৰা এজন চোৰ ক’ভিডত আক্ৰান্ত ৰ ফলত এজন সাধাৰণ লোকৰ উপৰি থানাখনত নিয়োজিত ১১জন আৰক্ষী ক যোৱা নিশা কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয়। নিশাই তেওঁলোকৰ ক’ভিড পৰীক্ষাৰ নমুনা স্বাস্থ্য বিভাগৰ দলে সংগ্ৰহ কৰে। উল্লেখ যে গগনা ৰাজবংশী নামৰ ৰন্ধন ছিলিণ্ডাৰ চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকজনক কৰায়ত্ত কৰাত মহানগৰীৰ সিজুবাৰীৰ এজন যুৱকে সহায় কৰিছিল । সেই যুৱকজনৰ লগতে অভিযুক্তৰ প্রত্যক্ষ আৰু পৰোক্ষ সংস্পৰ্শলৈ অহাৰ বাবে হাতীগাঁও আৰক্ষী থানাৰ দুজন উপ-পৰিদর্শক, এজন সহকাৰী উপ-পৰিদৰ্শকৰ উপৰি কনিষ্টবল আৰু গৃহৰক্ষী জোৱানৰ দলটো ক কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ দলটোত এগৰাকী মহিলাও আছে।
গুৱাহাটীত তথ্যবিহীন ভাৱে আক্ৰান্তসকলৰ বেছিভাগ প্রত্যক্ষ অথবা পৰোক্ষভাৱে বহিঃ ৰাজ্যৰ পৰা অহা ট্ৰাকৰ পৰা উঠোৱা নমোৱা কাৰ্য, ট্ৰাকৰ পাৰ্কিং ক্ষেত্ৰ, ৱে ব্ৰিজ আদিৰ লগত সম্পৰ্ক থকাৰ তথ্য পোহৰলৈ আহিছে। সেয়ে তেনে লোকসকলক বহিঃ ৰাজ্যৰ পৰা অহা ট্ৰাকৰ ক’ভিড আক্ৰান্ত চালক-হেণ্ডিমেনৰ সংস্পৰ্শলৈ অহাৰ আশংকা ব্যক্ত কৰিছে স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। সেয়ে এনে স্থানবোৰত ক’ভিডৰ নমুনা। পৰীক্ষাৰ সিদ্ধান্ত স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে।