ক’ভিড ১৯ ৰ আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ ইখনৰ পিছত সিখন দেশক চেৰ পেলাই চতুৰ্থ স্থানত উপনীত হোৱা ভাৰতে মৃত্যুৰ সংখ্যাৰেও ক্ৰমে শীৰ্ষলৈ অগ্ৰসৰ হৈছে ৷ ইতিমধ্যে মৃত্যুৰ সংখ্যাৰে বেলজিয়ামক চেৰ পেলাই ভাৰতে অষ্টম স্থানলৈ উপনীত হয় ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৩৮০ জনতকৈ অধিক লোক কৰনাত আক্ৰান্ত হয় ৷ ইয়াকে ধৰি ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৯৯৩৭ জন। ৰাজ্যৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে মহাৰাষ্ট্ৰত ৷ইয়াৰ বিপৰীতে গুজৰাটত ১৫০৬ আৰু দিল্লীত ১৪০০ জন লোকৰ মৃত্যু হৈছে ৷ ইপিনে দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা ৩,৪৭,১৬৬ জনলৈ বৃদ্ধি হয় ৷ অৱশ্যে সুস্থ হোৱা লোকৰ সংখ্যাও যথেষ্ট উৰ্দ্ধগামী হৈছে ৷ এই পৰ্যন্ত সুস্থ হোৱা লোকৰ সংখ্যা ১,৮৩,৭০০ জন । আক্ৰান্ত লোকৰ ক্ষেত্ৰত ইতিমধ্যে লাখৰ ঘৰ পাৰ কৰা মহাৰাষ্ট্ৰত এই সংখ্যা ১,১০,৭৪৪ জনলৈ বৃদ্ধি পায় ।
বেলজিয়ামক চেৰ পেলাই কৰ’নাত মৃত্যুৰ সংখ্যাৰে বিশ্বৰ অষ্টম স্থানত ভাৰত
-
By publisher

Related Content
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
By
publisher
May 4, 2026