অৱশেষত গংগাত মিলি গ’ল সুশান্ত সিং ৰাজপুত

sushant singh rajput old photos 1200

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত সম্প্ৰতি বলীউডৰ ভিতৰ চ’ৰাত ধুমুহাৰ সৃষ্টি হৈছে ৷ তাৰ মাজতে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷ আৰক্ষীয়ে ইতিমধ্যে অভিনেতাজনৰ বন্ধু বান্ধবীৰ লগতে ৰিয়া চক্ৰৱৰ্তীকো তদন্ত কাৰণে বিভিন্ন প্ৰশ্ন কৰে ৷ইয়াৰ পূৰ্বে বুধবাৰে বলীউডৰ কাষ্টিং ডাইৰেক্টৰ মুকেশ চাবৰাৰ লগতে বান্দ্ৰাৰ পুলিচে প্ৰায় সাত ঘন্টাৰ কাৰণে মতবিনিময় কৰে ৷

মুকেশ চাব্ৰা আছিল সুশান্তৰ ভাল বন্ধু ৷চাব্ৰাই কয় “সুশান্তে মোক নিজৰ সপোনৰ কথা কৈছিল ৷কিন্তু ব্যক্তিগত জীৱনৰ কথা মোৰ আগত কেতিয়াও কোৱা নাছিল ৷লগতে সুশান্ত যে ডিপ্ৰেছনত আছে সেই সম্পৰ্কেও কেতিয়াও মোক অনুভৱ কৰিবলৈ দিয়া নাছিল ৷ইফালে সুশান্তৰ ঘৰত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে কয় যে মৃত্যুৰ তিনিদিন আগত তেওঁক সুশান্তে দৰমহা আদায় দিছিল ৷লগতে সকলোকে দিবলগীয়া টকাসমূহ ঘূৰাই দিছিল ৷সুশান্তে ঘৰৰ কৰ্মচাৰীক কৈছিল যে তেওঁ আৰু আগলৈ পইচা দিব নোৱাৰে। সুশান্তৰ এই কথা শুনি আচৰিত হৈছিল কৰ্মচাৰীজন ৷

আনহাতে ইতিমধ্যে সুশান্তৰ আত্মহত্যাৰ সন্দৰ্ভত ১০ জন লোকক সোধ পোচ কৰা হৈছে। সুশান্তৰ বিষয়ে কৰা তদন্ত অনুসৰি অধ্যয়ন কৰি ভাল পাইছিল অভিনেতাজনে। লগতে ফিজিক্স পঢ়ি ভাল পাইছিল সুশান্তে ৷ আৰু সুশান্তৰ ঘৰৰ পৰা ৫ খন ডায়েৰী পোৱা গৈছে ৷ ইপিনে আৰক্ষীয়ে সুশান্তৰ ঘৰৰ পৰা নাগালেণ্ড চৰকাৰক সহায় কৰা প্ৰায় ডেৰ কোটি টকাৰ কাগজ পত্ৰ উদ্ধাৰ কৰিছে। ইয়াৰ দ্বাৰা সুশান্তৰ মহানুভৱতাৰ কথা প্ৰমাণিত হয়।

উল্লেখযোগ্য যে অনুৰাগীসকলৰ লগতে মহাৰাষ্ট্ৰৰ মন্ত্ৰী ড° জীতেন্দ্ৰ আহৱাদে আশা প্ৰকাশ কৰিছে যে সুশান্ত আত্মহত্যাৰ যাতে সঠিক তদন্ত হয় ৷আজি পাটনাৰ গান্ধী ঘাটৰ গংগা নদীত পিতৃ ভগ্নী সহিতে সুশান্তৰ অস্থি বিসৰ্জন দিয়ে ৷পৰিয়ালৰ লোকৰ মত অনুসৰি সুশান্তৰ শ্ৰাদ্ধ পাটনাতেই সম্পন্ন হ’ব।

Exit mobile version