ভেন্টিলেটৰৰ প্লাগ খুলি লগোৱা হ’ল এয়াৰ কুলাৰ

Ventilator for web

ভেন্টিলেটৰৰ প্লাগ খুলি এয়াৰ কুলাৰ চলাবলৈ গৈ মৃত্যু হ’ল এজন সন্দেহজনক ক’ভিড-১৯ ৰোগীৰ । স্থানীয় ভীম সিংহ হাস্পতালত যোৱা ১৩ জুনত কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সন্দেহত প্ৰায় ৪০ বছৰীয়া লোকজনক আই চি ইউত ভৰ্তি কৰা হৈছিল । পাছত চৰকাৰী হাস্পতালখনৰ আইছ’লেছন ৱাৰ্ডলৈ লোকজনক স্থানান্তৰ কৰা হয় যদিও ৱাৰ্ডটো আছিল প্ৰচণ্ড গৰম । সেয়েহে লোকজনৰ পৰিয়ালৰ কোনো সদস্যই লৈ আহে এটা এয়াৰ কুলাৰ। পৰিয়ালৰ সদস্যসকলে এয়াৰ কুলাৰটো চলাবলৈ প্লাগ বিচাৰি লয় । পৃথক কোনো প্লাগ বিচাৰি নাপাই ভেন্টিলেটৰৰ প্লাগটো খুলি তাত লগোৱা হয় এয়াৰ কুলাৰৰ প্লাগ। ইয়াৰ প্ৰায় আধা ঘণ্টা পাছতে মৃত্যু হয় ৰোগীজনৰ । চৰকাৰী হাস্পতালতে এনে এটা ঘটনা সংঘটিত হোৱাৰ পাছত সম্প্ৰতি হাস্পতাল কৰ্তৃপক্ষৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ঘটনাটোৰ তদন্ত কৰিবলৈ তিনি সদস্যযুক্ত এখন কমিটিও গঠন কৰি দিয়া হৈছে । লোকজনক প্ৰথমে হাস্পতালৰ আই চি ইউত ভৰ্তি কৰা হৈছিল যদিও আই চি ইউত সেই সময়ত থকা বহুকেইজন ৰোগীৰ ক’ভিড-১৯ আক্ৰান্ত হিচাপে প্ৰতিবেদন আহে। ফলত লোকজনক আইছলেছন ৱাৰ্ডলৈ স্থানান্তৰ কৰা হয় কিন্তু আইছলেছন ৱাৰ্ডত শীত তাপ নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাছিল। লোকজনৰ পৰিয়ালৰ সদস্যসকলে নিজস্বভাৱে সিদ্ধান্ত লৈ ভেন্টিলেটৰৰ প্লাগ খুলি দিছিল । আনহাতে, আইছলেছন ৱাৰ্ডত পৰিয়ালৰ সদস্যসকলে কিদৰে প্ৰৱেশ কৰিলে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।

ভেন্টিলেটৰৰ প্লাগ খুলি দিয়াৰ পিছত লোকজনৰ স্বাস্থ্যৰ অৱনতি ঘটে যদিও সেইসময়ত আৰু কৰিব পৰা একোৱে নাছিল । হাস্পতাল কৰ্তৃপক্ষৰ পৰা জনোৱা অনুসৰি ঘটনাৰ সতে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ইফালে, ৰোগীজনৰ পৰিয়ালৰ সদস্যসকলে তদন্তৰ বাবে গঠন কৰি দিয়া তিনিজনীয়া কমিটিৰে সহযোগ নকৰাৰো অভিযোগ উঠিছে। ৱাৰ্ডত এয়াৰ কুলাৰ অনাৰ বাবে হাস্পতাল কৰ্তৃপক্ষৰ পৰা কোনোধৰণৰ অনুমতিও লোৱা হোৱা নাছিল । মৃত লোকজনৰ ক’ভিড-১৯ পৰীক্ষাৰ প্ৰতিবেদন নিগেটিভ ফলাফলহে লাভ কৰা হৈছিল।

Exit mobile version