উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ভগৱান জগন্নাথৰ ৰথযাত্ৰা

jpg 4

কৰ’না মহামাৰীৰ মাজতে উচ্চতম ন্যায়ালয়ৰ আদেশ মৰ্মে আজি পুৱা ৯ বজাত উলিওৱা হয় ভগৱান জগন্নাথৰ ৰথযাত্ৰা ৷ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে এই ৰথ যাত্ৰা অংশ ল’বলৈ দিয়া নহ’ব কোনো ভক্তক। ৰথ টনা সকলোৰে কৰাব লাগিব কৰ’না টেষ্ট ৷ ইফালে ইতিমধ্যে সোমবাৰৰ পৰা সমগ্ৰ পুৰীত বলৱৎ কৰা হৈছে ১৪৪ ধাৰা ৷ আনহাতে ৰথ যাত্ৰাৰ সময়ত একেবাৰতে যাতে ৫০০ জন লোকে ৰথ নাটানে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব ৷ লগতে শীৰ্ষ আদালতে ওড়িছা চৰকাৰক কয় যে পুৰীৰ বাহিৰে যাতে আন ক’তো ৰথযাত্ৰা উলিওৱা নহয় । যদি পৰিস্থিতি নিয়ন্ত্ৰিত নহয় ৷ তেনেহ’লে ৰথযাত্ৰা বাতিল কৰিব লগীয়া হ’বও পাৰে।

Exit mobile version