পাকিস্তানত ১০ জন ক্ৰিকেটাৰৰ দেহত ক’ভিড১৯

910514 pakistan cricket board pcb

পাকিস্তান ক্ৰিকেট বৰ্ড অৰ্থাৎ পি চি বিত দেখা গৈছে কৰ’নাৰ সন্ত্ৰাস ৷ কাৰণ দেশখনৰ ক্ৰিকেট জগতত মুঠ ১০ জন খেলুৱৈৰ শৰীৰত পোৱা গৈছে কৰ’নাৰ অৱস্থিতি ৷ মংগলবাৰে পি চি বিয়ে এই কথা সদৰী কৰি কয় যে দলটোৰ ৭ জন খেলুৱৈৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে । ইতিমধ্যে সোমবাৰেও পাকিস্তানৰ তিনিজন ক্ৰিকেটাৰৰ শৰীৰত পোৱা গৈছিল কৰ’নাৰ লক্ষণ ৷

ইফালে দলৰ চি ই অ’ বসীম খানে কয় যে দলটোৰ ক্ৰিকেটাৰসকল কৰ’নাত আক্ৰান্ত হ’লেও ইয়াৰ প্ৰভাৱ ইংলেণ্ডৰ যাত্ৰাত নপৰে ৷ পাকিস্তান দল ২৮ জুনত ইংলেণ্ডলৈ যাত্ৰা কৰিব ৷ কৰ’নাত আক্ৰান্ত হোৱা খেলুৱৈসকলৰ ভিতৰত আছে ফখৰ জামান, ইমৰান খান, কাছিফ ভাটি, মোহম্মদ হাফিজ, মোহম্মদ হাচনেন, মোহম্মদ ৰিজৱান, ৱাহাব ৰিয়াজ, হাৰিজ ৰ’ফ, হাইদৰ আলী, আৰু শ্বাদাব খান৷ আনহাতে ইংলেণ্ডলৈ যোৱাৰ পিছত ১৪ দিন কোৱাৰেন্টাইনত থাকিব লাগিব পাকিস্তানৰ দলটো ৷ অৱশ্যে এই সময়ত তেওঁলোকে খেলৰ অনুশীলন কৰি থাকিব পাৰিব ৷

Exit mobile version