কানাডাৰ জনপ্ৰিয় সংগীত শিল্পী জাষ্টিন বীবৰৰ নাম সাঙোৰ খাইছে এগৰাকী মহিলাৰ লগত । মহিলা গৰাকীৰ নাম ডেনিয়েল । এই মহিলা গৰাকীৰ অভিযোগ ২০১৪ চনত জাষ্টিন বীবৰে টেক্সাছৰ এখন হোটেলত তেওঁক যৌন আতিশয্য চলাইছিল। এই অভিযোগ সন্দৰ্ভত প্ৰথম বাৰৰ বাবে টুইটাৰত স্পষ্টীকৰণ দিলে পপ তাৰকা জনে । জাষ্টিনে টুইটাৰত কয়, ‘সাধাৰণতে মই এনে ধৰণৰ অভিযোগৰ স্পষ্টীকৰণ নিদিওঁ । মই মোৰ কেৰিয়াৰত এনে বহু অভিযোগৰ সন্মুখীন হৈ আহিছো । কিন্ত পত্নী আৰু মোৰ সতীর্থৰ স’তে আলোচনাৰ পাছত উত্থাপিত অভিযোগৰ সন্দৰ্ভত মোৰ মন্তব্য প্ৰকাশৰ সিদ্ধান্ত ল’লো । অপপ্ৰচাৰ সদায় অপপ্ৰচাৰ হয় । কিন্তু যৌন আতিশয্য চলোৱাৰ দৰে অভিযোগ লঘুভাৱে ল’ব নোৱাৰি । সেয়েহে মই এই অভিযোগ গভীৰভাৱে গ্ৰহণ কৰি প্ৰয়োজনীয় প্ৰমাণ দিলো আৰু এনে অভিযোগৰ বিৰুদ্ধে মই আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈকো সিদ্ধান্ত লৈছো ।’
যৌন আতিশয্য চলোৱাৰ অভিযোগ অস্বীকাৰ সংগীত শিল্পী জাষ্টিন বীবৰৰ
-
By publisher

- Categories: Entertainment, News
- Tags: Justin Bieber
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026