যৌন আতিশয‍্য চলোৱাৰ অভিযোগ অস্বীকাৰ সংগীত শিল্পী জাষ্টিন বীবৰৰ

4200

কানাডাৰ জনপ্ৰিয় সংগীত শিল্পী জাষ্টিন বীবৰৰ নাম সাঙোৰ খাইছে এগৰাকী মহিলাৰ লগত । মহিলা গৰাকীৰ নাম ডেনিয়েল । এই মহিলা গৰাকীৰ অভিযোগ ২০১৪ চনত জাষ্টিন বীবৰে টেক্সাছৰ এখন হোটেলত তেওঁক যৌন আতিশয‍্য চলাইছিল। এই অভিযোগ সন্দৰ্ভত প্ৰথম বাৰৰ বাবে টুইটাৰত স্পষ্টীকৰণ দিলে পপ তাৰকা জনে । জাষ্টিনে টুইটাৰত কয়, ‘সাধাৰণতে মই এনে ধৰণৰ অভিযোগৰ স্পষ্টীকৰণ নিদিওঁ । মই মোৰ কেৰিয়াৰত এনে বহু অভিযোগৰ সন্মুখীন হৈ আহিছো । কিন্ত পত্নী আৰু মোৰ সতীর্থৰ স’তে আলোচনাৰ পাছত উত্থাপিত অভিযোগৰ সন্দৰ্ভত মোৰ মন্তব্য প্ৰকাশৰ সিদ্ধান্ত ল’লো । অপপ্ৰচাৰ সদায় অপপ্ৰচাৰ হয় । কিন্তু যৌন আতিশয‍্য চলোৱাৰ দৰে অভিযোগ লঘুভাৱে ল’ব নোৱাৰি । সেয়েহে মই এই অভিযোগ গভীৰভাৱে গ্ৰহণ কৰি প্ৰয়োজনীয় প্ৰমাণ দিলো আৰু এনে অভিযোগৰ বিৰুদ্ধে মই আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈকো সিদ্ধান্ত লৈছো ।’

Exit mobile version