নাম সলনি কৰিবলৈ বাধ্য হ’ল ফেয়াৰ এণ্ড লভলীয়েঃ কিন্তু কিয়?

fair

দীৰ্ঘদিনৰ পৰা যুৱক যুৱতীসকলক বগা হোৱাৰ সপোন দেখুওৱা “ফেয়াৰ এণ্ড লভলী”য়ে নাম সলনি কৰিব ৷ লগতে কোম্পানীয়ে “ফেয়াৰ এণ্ড লভলী”ৰ পৰা ফেয়াৰ শব্দটো উঠোৱাৰ প্ৰসংগও উত্থাপন কৰিছে।কোম্পানীৰ পৰা পোৱা মতামত অনুসৰি নতুন ব্ৰেণ্ডৰ নাম সকলোৰে পৰা পোৱা মঞ্জুৰীৰ পিছতহে ৰাজহুৱা কৰিব। আনহাতে বিগত সময়ৰ পৰা ক’লা বগা ছালক লৈ কৰি অহা বিভিন্ন বিতৰ্ক সূচক ধাৰণা পৰিৱৰ্তন কৰিবলৈকে “ফেয়াৰ এণ্ড লভলী”ৰ ক্ষেত্ৰত এই সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই ৷

ইপিনে বিগত সময়ত আমেৰিকাত হোৱা কৃষ্ণাংগ হত্যাই সমগ্ৰ বিশ্বত ছালৰ ক’লা বগাৰ ক্ষেত্ৰত চলি অহা ধাৰণাক সলনি কৰি দিলে ৷ সম্প্ৰতি বলীউডৰ বহু কেইজন চেলীব্ৰেটীয়ে ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন কৰিবলৈ অস্বীকাৰ কৰিছে ৷ লগতে বিশ্বৰ ব্যৱসায়ৰ লগত জৰিত লোকসকলেও ছালৰ ক্ষেত্ৰত সততে দেখা দিয়া ভেদাভেদক পৰিহাৰ কৰিছে ৷ ইউনিলিভাৰ বিউটি এণ্ড পাৰ্চনেল কেয়াৰ ডিভিজনৰ অধ্যক্ষ চ’নী জৈনে কয় “ফেয়াৰ, হুৱাইট, লাইটৰ দৰে শব্দই ধুনীয়া শব্দটোক উপলুঙাহে কৰে ৷ এইয়া শুদ্ধ নহয় । গতিকে আমি ইয়াক শুধৰাব বিচাৰো ৷”

লগতে কম্পনীয়ে কয় যে আমাৰ বেণ্ডৰ পেকেজিঙৰ পৰা ফেয়াৰ,হুৱাইটনিং আৰু লাইটনিঙৰ দৰে শব্দক আঁতৰাই দিয়া হ’ব ৷ ইয়াৰ লগতে বিজ্ঞাপনত সকলো ৰঙৰ মহিলাক অংশগ্ৰহণ কৰিবলৈ দিয়া হ’ব । আনহাতে ফেয়াৰ এণ্ড লভলী” ভাৰতৰ উপৰিও বাংলাদেশ,ইণ্ডোনেছিয়া,থাইলেণ্ড, পাকিস্তান আৰু এছিয়াৰ বিভিন্ন দেশত বিক্ৰী হয় ৷

উল্লেখযোগ্য যে ১৯৭৫ চনত হিন্দুস্তান ইউনিলিভাৰে “ফেয়াৰ এণ্ড লভলী” নামেৰে এটা ক্ৰীম মুকলি কৰিছিল।যাৰ জৰিয়তে ক’লা ছালৰ গৰাকী সহজতে বগা হ’ব পাৰিব বুলি বিজ্ঞাপন দিয়া হৈছিল ৷ ছালৰ ক’লা বগা প্ৰসংগটোক লৈ বিভিন্নজনে বিভিন্ন সময়ত বিৰোধিতা কৰি আহিছিল যদিও আমেৰিকাৰ কৃষ্ণাংগ হত্যাত সকলোৰে চকু খোল খালে ৷ সম্প্ৰতি ফেয়াৰ এণ্ড লভলী ক্ৰীমেও নিজৰ নাম পৰিৱৰ্তন কৰিবলৈ বাধ্য হ’ল । মন কৰিবলগীয়া যে ফেয়াৰ এণ্ড লভলীয়ে কেৱল ভাৰততে ৫০ কোটিতকৈ অধিক ব্যৱসায় কৰে৷

Exit mobile version