মাজুলীত ক্ৰমশঃ বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ লগতে সোৱণশিৰি নদীৰো বাঢ়নি পানীয়ে মাজুলী জিলাৰ নদীপৰীয়া এলেকা প্লাৱিত কৰিছে । নদীদ্বীপ জিলাখনৰ মথাউৰিৰ বাহিৰ ফালে থকা ৫৬খন গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে । যোৱা নিশাৰে পৰা আঁহতগুৰি, দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ চাপৰি অঞ্চলৰ লগতে শালমৰা, কৰতিপাৰ, লাছন চাপৰি, ভকত চাপৰি আদি মথাউৰিৰ বাহিৰত থকা গাঁওসমূহ বাঢ়নি পানীত জলমগ্ন হৈছে। এতিয়ালৈকে জিলাখনৰ এই ৫৬খন নদীপৰীয়া গাঁৱৰ ৫,০১০টা পৰিয়ালৰ ২৭,২৬৪ গৰাকী লোক বানগ্ৰস্ত হৈছে । একেসময়তে ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ বাঢ়নি পানীয়ে নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়ত এলেকাৰ বহুকেইখন গাঁৱত বানৰ কবলত পৰিছে। ইতিমধ্যে জিলা প্ৰশাসনে আজি দুপৰীয়া কৰতিপাৰ হাইস্কুলত বন্যাৰ্ত লোকৰ বাবে প্ৰথমটো সাহাৰ্য শিবিৰ মুকলি কৰিছে।
কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মলুৱাল কলিতা গাঁৱৰ ৩টা বানপীড়িত পৰিয়ালৰ ১৫গৰাকী লোকে এই শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। শিবিৰত থকা লোকসকলৰ মাজত আছে ৫গৰাকী পুৰুষ, ৫গৰাকী মহিলা আৰু ৫টি শিশু। বৃহস্পতিবাৰে দুপৰীয়া মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে নিজে গৈ কৰতিপাৰ হাইস্কুলৰ এই সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰি শিবিৰাৰ্থীসকলৰ বাবে প্ৰশাসনৰ ফালৰ পৰা উপলব্ধ কৰাব লগা জৰুৰী সা-সুবিধাৰাজীৰ বুজ লয়। ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল’ব লগা সকলো সতৰ্কতামূলক ব্যৱস্থা শিবিৰটোত সুনিশ্চিত কৰাৰ লগতে জিলা স্বাস্থ্য বিভাগৰ এটা চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ দলো আৰম্ভণিৰে পৰাই শিবিৰটোত মোতায়েন কৰা হৈছে। শিবিৰাত থকা বন্যাৰ্ত লোকসকল শিবিৰত প্ৰৱেশ কৰাৰ সময়তে স্বাস্থ্য বিভাগে প্ৰত্যেকৰে টেম্পেৰেচাৰ স্ক্ৰীণিং কৰাৰ লগতে প্ৰশাসনৰ ফালৰ পৰা তেঁওলোকক বিনামূলীয়া মাস্ক আৰু হাত ধোৱাৰ বাবে চাবোন আদি যোগান ধৰে। শিবিৰত ন্যূনতম সামাজিক দূৰত্বকে ধৰি ক’ভিড-১৯ সম্পৰ্কীয় সকলো নিয়ম বাধ্যতামূলক ভাৱে অনুসৰণ কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনে শিবিৰাৰ্থীৰ লগতে শিবিৰ পৰিচালনাৰ দায়িত্বত থকা লোকসকলকো নিৰ্দেশ দিছে ।
ইফালে, জিলাখনৰ বান-ক্ষতিগ্ৰস্ত এলেকাৰ ৰাইজৰ মাজত ইতিমধ্যে সাহাৰ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । বানত ক্ষতিগ্ৰস্ত লোকৰ মাজত বিতৰণৰ বাবে প্ৰশাসনে আজি ৪.৪৮ কুইণ্টল চাউল, ৭৭ কিলোগ্ৰাম দাইল আৰু ২৩ কিলোগ্ৰাম নিমখ ভাগে ভাগে প্ৰেৰণ কৰিছে। ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাত সম্ভাৱ্য বানজনিত যিকোনো পৰিস্থিতিৰে তাৎক্ষণিক ভাৱে মোকাবিলাৰ বাবে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালীক সম্পূৰ্ণ সস্তম কৰি তুলিছে জিলা প্ৰশাসনে। ইতিমধ্যে দুয়োখন নদীৰ বাঢ়নি পানীৰ বাবে জিলাখনৰ মথাউৰিৰ বহিঃ অংশত আৰম্ভ হোৱা প্ৰাৰম্ভিক বানৰ লগতে জিলাখনৰ শেহতীয়া সামগ্ৰিক বান পৰিস্থিতি আজি পৰ্যালোচনা কৰি মাজুলীৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ অধ্যক্ষ বিক্ৰম কৈৰীয়ে জিলাখনৰ আপাতকালীন সঞ্চালন প্ৰণালীৰে জড়িত প্ৰতিটো বিভাগৰ লগতে বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ ওপৰত ন্যস্ত জৰুৰী দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিছে।
উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আগবেলা আয়োজিত ডিডিএমএৰ এখন জৰুৰী বৈঠকত উপায়ুক্ত কৈৰীয়ে বানপৰিস্থিতি চম্ভালাৰ বিশেষ দায়িত্বত নিয়োজিত মাণ্ডলিক (জ’নেল) আৰু খণ্ড (ছেক্টৰ) বিষয়াসকলক তাৎক্ষণিক ভাৱে নিজ নিজ এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। অতিৰিক্ত উপায়ুক্ত তথা ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া নৰেণ দাসৰ লগতে মাজুলীৰ ৰাজহ চক্ৰ বিষয়াসহ একাধিক কাৰ্যবাহী দণ্ডাধীশ, জলসম্পদ, গড়কাপ্তানী (পথ), কৃষি, পশুপালন তথা পশু চিকিৎসা আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু জ’নেল তথা ছেক্টৰ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। এইবাৰৰ বানপৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে ডিডিএমএই জিলাখনক মুঠ পাঁচটা মণ্ডলত (জ’ন)ত ভাগ কৰি একোগৰাকীকৈ জ্যেষ্ঠ বিষয়াক প্ৰতিটো মণ্ডল তদাৰকৰ বাবে মাণ্ডলিক বিষয়া (জ’নেল আফিচাৰ) হিচাপে দায়িত্ব ন্যস্ত কৰিছে। তদুপৰি, জৰুৰী বান পৰিস্থিতি তদাৰক কৰাৰ ক্ষেত্ৰত মাণ্ডলিক বিষয়াসকলক সহায়ৰ বাবে প্ৰতিটো মণ্ডলতে এক বা একাধিক গাঁও পঞ্চায়ত এলেকাৰ বাবে এগৰাকীকৈ খণ্ড বিষয়া (ছেক্টৰ অফিচাৰ)কো জিলা প্ৰশাসনে দায়িত্ব অৰ্পণ কৰিছে। আনহাতে, বাৰিষাৰ সময়ছোৱাত কৃষিখণ্ড আৰু পশুধনৰ ক্ষেত্ৰত দেখা দিব পৰা জটিল পৰিস্থিতি জোৰা মাৰিব পৰাকৈ এই দিশত নিৰন্তৰ নজৰ ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে জিলাখনৰ কৃষি বিভাগ আৰু পশুপালন তথা পশুচিকিৎসা বিভাগক নিৰ্দেশ দিছে। শেহতীয়াকৈ বৰষুণত ক্ষতিগ্ৰস্ত হোৱা গড়কাপ্তানী পথ আৰু মথাউৰিৰ ‘ৰেইনকাট’ অংশসমূহ ততালিকে মেৰামতি কৰিবলৈও বৈঠকত গড়কাপ্তানী (পথ) আৰু জলসম্পদ বিভাগক উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।
ইতিমধ্যে বানৰ কবলত পৰা অঞ্চলত বিদ্যুৎ যোগান বিছিন্ন কৰিছে। ইফালে যোৱা২৩ জুনৰ পৰা ফেৰী চলাচল বন্ধ কৰি দিয়াত বহি: জগতৰ লগত বিছিন্ন হৈ পৰিছে । ফলত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ব্যাহত হোৱাত মূল্যবৃদ্ধিৰ সুবিধা ল’ব পাৰে অৰ্থলোভী ব্যৱসায়ীয়ে। তদুপৰি জৰুৰী কামৰ বাবে মাজুলীৰ পৰা বাহিৰলৈ যাব পৰা নাই জনসাধাৰণ। লগতে ডাক সেৱা ব্যাহত হৈছে। বহু কেইখন বাতৰি কাকত মাজুলীলৈ অহা নাই। অসম চৰকাৰে শিল্পী পেঞ্চনৰ আবেদন গ্ৰহণৰ শেষ দিন ২৫ জুন ধাৰ্য কৰিছিল যদিও ২৩ জুনৰ পৰা ফেৰী বন্ধ থকাত বহু শিল্পীয়ে আবেদন কৰিব নোৱাৰিলে। সেয়ে মাজুলীৰ শিল্পী সকলে আবেদন দাখিল দিন বৃদ্ধি কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। মাজুলীত বাৰে বাৰে ফেৰী বন্ধ কৰা কাৰ্যৰ বিৰোধিতা কৰি মাজুলীৰ জনসাধাৰণে নিমাতীঘাটত হোৱা বিজুতি নিৰাময় কৰাৰ লগতে ৰ’ ৰ’ জাহাজ খনৰ পুনৰ চলাচল কৰাৰ ব্যবস্থা কৰিবলৈ দাবী জনায়।