ভাৰতত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যাই নতুন অভিলেখ স্থাপনৰ পথত বায়ুবেগেৰে অগ্ৰসৰ হৈছে। যোৱা পাঁচদিনত প্ৰতিদিনে ভাৰতত আক্ৰান্তৰ সংখ্যাই বিশ্বত মুঠ সংক্ৰমিত লোকৰ সংখ্যালৈ তৃতীয় সৰ্ব্বোচ্চ অৱদান আগবঢ়াইছে। একেদৰে মৃত্যুৰ সৰ্বাধিক হাৰত ভাৰত বৰ্তমান বিশ্বৰ চতুৰ্থখন ৰাষ্ট্ৰ। যোৱা ২৪ ঘণ্টাত দেশত সৰ্বাধিক ১৭,২৯৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । ইয়াৰ ফলত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫,০৮,৯৫৩ জনলৈ বৃদ্ধি হয় । আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হয় ১৫,৬৮৫ জনলৈ। অৱশ্যে ইয়াৰ মাজতে সুস্থ হোৱা লোকৰ হাৰ ৫৮.২৪ শতাংশলৈ বৃদ্ধি হয়। ভাৰতত আক্ৰান্তৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা হ’ল ২,৯৫,৮৮০ জন। ইপিনে, গুৰুতৰ ৰূপ ধাৰণ কৰা মহাৰাষ্ট্ৰৰ মূল আক্ৰান্তৰ সংখ্যা আজি ১,৪৭,৭৪১ জনলৈ বৃদ্ধি হয়। সমান্তৰালভাৱে ৰাজ্যখনত মৃত্যু হৈছে ৬,৯৩১ জন লোকৰ।
দিল্লীত মুঠ সংক্ৰমিতৰ সংখ্যা বৃদ্ধি হয় ৭৩,৭৮০ জনলৈ । ইয়াৰ পাছতে তামিলনাডুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৭০,৯৭৭ জনলৈ। ৰাজ্যখনৰ ৰাজধানী চেন্নাই আৰু ঔদ্যোগিক চহৰ মাডুৰাইত সংক্ৰমণৰ মাত্ৰাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। সম্প্ৰতি দুয়োখন মহানগৰত তলাবন্ধ চলি আছে যদিও তাৰ মাজতে চেন্নাইত নতুনকৈ কমেও দুহেজাৰ লোকৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰে। আক্ৰান্তৰ সংখ্যাৰে শীর্ষত থকা এই ৰাজ্যকেইখনৰ মাজেৰে তেলেংগানাৰ পৰিস্থিতিও উদ্বেগজনক হৈছে। তেলেংগানাত আক্ৰান্ত লোকৰ হাৰ হ’ল ১৫ শতাংশ। ইয়াৰ বিপৰীতে দেশৰ গড় সংক্ৰমিত লোকৰ হাৰ হ’ল আঠ শতাংশ। ৰাজ্যখনত আজিলৈকে জন ১০,৪৪৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। কেৰেলাত কৰ’না নিয়ন্ত্ৰণলৈ অহা বুলি ব্যাপক হাৰত চৰ্চা অব্যাহত আছে। কিন্তু ইয়াৰ মাজতে ৰাজ্যখনৰ দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে চৰকাৰক সতৰ্ক কৰি দিছে যে আগষ্টৰ শেষত কৰ’নাত আক্ৰান্তৰ সংখ্যাই কেৰেলাত সৰ্বাধিক স্তৰলৈ যাব।
দেশত তলাবন্ধ কাৰ্য্যত প্ৰত্যাহাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ফলত ৰেল বিভাগে নিয়ন্ত্ৰিত ৰূপত হ’লেও ৰেল চলাচল আৰম্ভ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আনকি টিকট বুকিঙো অব্যাহত আছে, কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰেল বিভাগে সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হয়। যাৰ বাবে অহা পহিলা জুলাইৰ পৰা ১২ আগষ্টৰ ভিতৰত নিয়মীয়া ৰেলত আসন সংৰক্ষণ কৰা যাত্ৰীক ভাড়া ঘূৰাই দিবলৈ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এই সময়ছোৱাত বিশেষ ৰেলসমূহৰ চলাচল অব্যাহত থাকিব।