বলীউডৰ প্ৰচুৰ সম্ভাৱনাময় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত অনুৰাগীসকলৰ কাৰণে অভিনেতাজনে কিয়? কেনেকৈ? আত্মহত্যা কৰিলে সেই সন্দৰ্ভত উৎসুকতাৰ অন্ত নাই । আজিও চলচ্চিত্ৰ প্ৰেমীৰ লগতে অনুৰাগীসকলে কৈছে যে সুশান্তে আত্মহত্যা কৰিব নোৱাৰে ৷ তেওঁক হত্যা কৰা হৈছে। গতিকে সুশান্তৰ আত্মহত্যাৰ তদন্ত চি বি আইয়ে কৰিব লাগে ৷ অনুৰাগী তথা বলীউডৰ বিভিন্ন যুক্তি তৰ্কৰ মাজতে কেনেদৰে আছে সুশান্তৰ পৰিয়াল ? কেনেদৰে আছে সুশান্তৰ পিতৃ?
সুশান্তক শেষ বিদায় দিওঁতে পৰিয়ালে অনুৰাগীসকলক উদ্দেশ্য কৰি কয় “আপোনালোকৰ কাৰণে সুশান্ত আছিল সুশান্ত সিং ৰাজপুত আৰু আমাৰ কাৰণে সি একমাত্ৰ মাত্ৰ ল’ৰা, আমাৰ গুলচন আছিল ৷ বাকপটুতা, বিশাল হৃদয়, জিজ্ঞাসু, প্ৰত্যেকটো বিষয়কলৈ উৎসুক, সপোন দেখি ভাল পোৱা আৰু সেই সপোনক বাস্তৱত ৰূপায়ণ কৰাৰ হেপাঁহ তাৰ মনত আছিল । সি হাঁহিলে আমাৰ ঘৰত প্ৰাণ পাইছিল । পৰিয়ালৰ জ্যেষ্ঠসকলৰ গৌৰৱ আৰু কনিষ্ঠসকলৰ প্ৰেৰণা আছিল আমাৰ গুলচন। এটা দুৰবীনৰ জৰিয়তে গ্ৰহ নক্ষত্ৰৰ নিৰীক্ষণ কৰি থকা গুলচনৰ হাঁহি যে আমি কেতিয়াও শুনিবলৈ নাপাঁও সেইয়া আমাৰ পৰিয়ালে বিশ্বাস কৰিব পৰা নাই।” এই মন্তব্য সুশান্তৰ পিতৃৰ ।
লগতে সুশান্তৰ পিতৃয়ে কয় “মই আৰু মোৰ পত্নীয়ে তিনি বছৰ তপস্যা কৰাৰ পিছত জন্ম হৈছিল সুশান্তৰ ৷ চাৰিজনীৰ ছোৱালীৰ পিছত একমাত্ৰ ল’ৰা সিয়েই আছিল ৷ কিন্তু যাৰ কাৰণে তপস্যা কৰিলো, সি এনেকৈয়ে গ’লগৈ ৷” ইফালে সুশান্ত পাটনাস্থিত ৰাজীৱ নগৰত ডাঙৰ দীঘল হৈছিল। গতিকে পাটনাস্থিত বাসগৃহত সুশান্তৰ কিতাপ, দুৰবীন, গিটাৰ, ফাৰ্নিচাৰৰ লগতে অন্যান্য বস্তুবোৰ সংৰক্ষণ কৰা হ’ব । যাতে সুশান্তৰ অনুৰাগী অভিনেতাজনৰ লগত একাত্ম হৈ থাকিব পাৰে।






























