কৰণ জোহৰৰ সপক্ষে যুক্তি দি সমালোচনাৰ সন্মুখীন বলীউডৰ এইগৰাকী অভিনেত্ৰী

swara bhasker 1200

এইবাৰ স্বজনপ্ৰীতিৰ সন্দৰ্ভত চৰ্চালৈ আহিছে বলীউডৰ চৰ্চিত অভিনেত্ৰী স্বৰা ভাস্কৰ। অভিনেত্ৰী স্বৰা আৰু কৰণৰ কথোপকথনৰ এটা ভিডিঅ’ ভাইৰেল হৈছে । এই ভিডিঅ’টিত স্বৰাই ষ্টাৰ কিডক ছবিত অগ্ৰাধিকাৰ দিয়া প্ৰসংগত তীক্ষ্ণ প্ৰশ্ন কৰিছিল কৰণক । পিছে এতিয়া স্বৰাই সেই ভিডিঅ’টিতে নিজেই কমেন্ট কৰিছে । স্বৰাই লিখিছে “বাৰু অলপ সময় উলিয়াই ভাবি ল’লো যে কৰণ জোহৰে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নকৰি নেপ’টিজমৰ সমালোচনাক সাধাৰণভাৱে লৈছে । আৰু সুন্দৰ আৰু নিৰপেক্ষতাৰে উত্তৰো দিছে ।” কৰণ আৰু স্বৰাৰ কথোপকথনৰ ভিডিঅ’টিত কৰণে নিপ’টিজমৰ ওপৰত কয় “মই মোৰ ছবিত বৰুন ধাৱান আৰু আলিয়া ভাট্টক ল’ন্স কৰিছো ৷ ইয়াৰ পূৰ্বে বৰুণৰ মাতৃয়ে মোক পুত্ৰক সহকাৰী পৰিচালক হিচাপে ল’বলৈ কৈছিল। ইয়াৰ বিপৰীতে সেই সময়তে সিদ্ধাৰ্থ মালহোত্ৰা মোৰ সহকাৰী পৰিচালক কৰণ মালহোত্ৰাক লগ কৰিবলৈ আহিছিল । আৰু এনেকৈয়ে তিনিওজনৰ কাষ্টিং হৈছিল ৷ লগতে মহেশ ভাট্টৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল ৷ মই জনাই নাছিলো যে মহেশ ভাট্টৰ আলিয়া নামেৰে এজনী ছোৱালী আছে ।

লগতে কৰণে কয় “মই জানো যে যিসমূহ কথা সন্মুখত থাকে ৷ সেয়া বিশ্বাস কৰাটো সহজ ৷ আমি সাধাৰণতে যিটো দেখো সেইটোৱেই বিশ্বাস কৰোঁ ৷ তাৰ আঁৰত যে অন্য কিবা প্ৰসংগ থাকিব পাৰে সেয়া আমি নাচাও । আনহাতে কৰ’নৰ সপক্ষে কৰা এই টুইটৰ পিছতে স্বৰাক কিছুসংখ্যক চলচ্চিত্ৰ প্ৰেমীয়ে সমালোচনা কৰাৰ লগতে একাংশই আদৰি লৈছে ৷ ইপিনে সদ্যহতে মুক্তি পোৱা “ৰসভৰী” ৱেবচিৰিজক লৈ চৰ্চাত আছে স্বৰা ৷ উল্লেখযোগ্য যে বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত নিপ’টিজম বা স্বজনপ্ৰীতিকে ধৰি আন বহু বিষয় সৰ্বাধিক চৰ্চিত হৈ আছে ৷ নিপ’টিজমৰ প্ৰসংগক লৈ কৰণ জোহৰক বিভিন্ন মাধ্যমত সমালোচনা কৰিছে ৷ অভিযোগ যে কৰণে নিজৰ ছবিত ষ্টাৰ কিড সকলকহে অগ্ৰাধিকাৰ দিয়ে ৷ ইয়াৰ বিপৰীতে কৰণ জোহৰে মুম্বাই চলচ্চিত্ৰ বৰ্ডৰ পৰা পদত্যাগ কৰিবলৈও বাধ্য হৈছে ৷

Exit mobile version