বলীউডটো পৰিছে ভাৰত চীন সীমান্ত সংঘৰ্ষৰ প্ৰভাৱ

sonu nigam

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ পিছত এইবাৰ গায়ক চনু নিগমে দেশবাসীক চীনৰ সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান কৰিছে ৷ চনুৱে কয় যে ভাৰতীয় জোৱানে আমাৰ ৰক্ষাৰ কাৰণে সীমান্তত থাকি শ্বহীদ হ’ল। এনে পৰিস্থিতিত আমি চীনৰ সামগ্ৰী কেনেকৈ ব্যৱহাৰ কৰিম ? এটি ভিডিঅ’ৰ জৰিয়তে চনু নিগমে দেশবাসীক প্ৰশ্ন কৰে যে আমি আমাৰ সৈনিকসকলৰ কাৰণে চীনৰ সামগ্ৰী বৰ্জন কৰিব পাৰিম নে? ভিডিঅ’টিত চনুৱে কয় “নমস্কাৰ দেশবাসী,মই চনু নিগম ৷কালি ভাৰতীয় জোৱানসকলৰ এটি ভিডিঅ’ চালো ৷ ভিডিঅ’টিত এজন সৈনিকে যুদ্ধলৈ গৈছে ৷ আৰু কৈছে যে মই মোৰ সহকৰ্মীসকলৰ লগত এই পথটোৱে যাত্ৰা কৰিম৷ আপোনালোকে নিজৰ ঘৰত ভালকৈ আৰাম কৰক ।চিন্তা নকৰিব ৷ আপোনালোকৰ সুৰক্ষাৰ কাৰণে আমি আছো ।”

লগতে চনুৱে কয় “মই সেনা জোৱানজনৰ এই ভিডিঅ’টি চাই আচৰিত হৈ গৈছো ৷আমি এই জোৱানসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে একোৱেই নাজানো। কাৰণ তেওঁলোকে বহু সংঘৰ্ষ কৰি আমাৰ ৰক্ষা কৰে ৷ কিন্তু দুৰ্ভাগ্যপূৰ্ণ কথা এয়ে যে চীনে মৰম আৰু ধৈৰ্য্যৰ ভাষা বুজি নাপায় । সেয়েহে আমাৰ ভাৰতীয় জোৱানসকলক প্ৰত্যাহ্বান জনাইছে চীনে ৷ গতিকে মোৰ দেশবাসীলৈ এটাই অনুৰোধ সীমান্তত থকা সেই জোৱানসকলৰ স্বাৰ্থত চীনৰ বস্তু পৰিহাৰ কৰক ৷” ইফালে সম্প্ৰতি গালৱানত শ্বহীদ হোৱা ২০ জন সৈনিকৰ প্ৰসংগ উত্থাপন কৰি চনুৱে কয় “আমাৰ কাৰণে,দেশৰ কাৰণ সীমান্তত তেজৰ নৈ বৈছে৷ গতিকে আমি তেওঁলোকৰ কাৰণে চীনৰ সামগ্ৰী বৰ্জন কৰিব নোৱাৰিম নে? কেতিয়াবা কোনো বস্তু বহিস্কাৰ কৰাটো কঠিন হৈ পৰে ৷ কিন্তু যদি আমি মনটো দৃঢ় কৰি লওঁ তেন্তে এইয়া সফল নিশ্চয় হ’ব পাৰে।

আনহাতে গায়কজনে চীনৰ এপসমূহ ব্যৱহাৰ নকৰিবলৈ পাৰ্যমানে চেষ্টা কৰাৰ কথা কয় ৷ উল্লেখযোগ্য যে যিসমূহ চীনৰ সামগ্ৰী আমাৰ ওচৰত ইতিমধ্যে আছেই সেয়া নষ্ট নকৰিবলৈ আহ্বান কৰে চনু নিগমে ৷ তেওঁ কয় “পূৰ্বৰে পৰা থকা সামগ্ৰীসমূহ নষ্ট কৰিলে নিজৰ লগতে দেশৰ লোকচান ৷ কিন্তু যিসমূহ বস্তু নতুনকৈ আহিব ৷ সেইসমূহ “মেড ইন” বা ক’ত নিৰ্মাণ কৰা হৈছে সেয়া নিৰীক্ষণ কৰাটো অতিকে প্ৰয়োজন। গতিকে এতিয়াৰে পৰা চীনৰ সামগ্ৰী ক্ৰয় নকৰিবলৈ মই প্ৰতিজ্ঞা কৰাৰ লগতে দেশবাসীলৈও আহ্বান কৰিছো যাতে তেওঁলোকেও চীনা সামগ্ৰী বৰ্জন কৰে ৷

Exit mobile version