টিংখাঙৰ ৩ নং দিঘলীয়াত আজি পুৱা এক অঘটন সংঘটিত হয় । পানীত পৰি সলিল সমাধি ঘটে তিনিগৰাকীকৈ কিশোৰীৰ । স্থানীয় ৰমেশ খাৰিয়াৰ দুগৰাকী কন্যা ক্ৰমে বেবী খাৰিয়া(১২), সঞ্জনা খাৰিয়া(৬) আৰু একেখন গাঁৱৰে বাবু কেওটৰ কন্যা মণ্টি কেওট(৮)ৰ লগতে অন্য এগৰাকী কিশোৰী পুৱা কঁঠাল আনিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । কঁঠাল লৈ এটা দ-জান পাৰ হওঁতে তিনিগৰাকী কিশোৰী ডুব যায় আৰু স্হানীয় এগৰাকী মহিলা প্ৰাণ বচাবলৈ সক্ষম হয়। হৃদয়বিদাৰক কৰুণ ঘটনাটো বিয়পি পৰাৰ লগে লগেই স্হানীয় লোক ঘটনাস্হলীত উপস্হিত হৈ তিনিগৰাকীক পানীত ডুব আৰু জাল মাৰি মৃত অৱস্থাত উদ্ধাৰ কৰে । ইতিমধ্যে টিংখাং থানাৰ আৰক্ষীৰ এটা দল উপস্হিত হৈ মৃতদেহ কেইটা চমজি লোৱাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । দুৰ্ভাগ্যজনক ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ।
টিংখাঙত অঘটন :তিনিগৰাকী কিশোৰীৰ সলিল সমাধি
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025